GCLO Chairman Arrest:কেএলঅৰ লগত শান্তি আলোচনা ফলপ্ৰসূ নোহোৱাত নতুনেকৈ উগ্ৰপন্থী সংগঠন জিচিএলঅৰ জন্ম !

জিচিএলঅৰ অধ্যক্ষ নিৰ্মল ৰায় অসম আৰক্ষীৰ জিম্মাত,ফকিৰাগ্ৰাম আৰক্ষীৰ সোধা পোছা অব্যাহত

custody

GCLO Chairman Arrest :

কেএলঅৰ সেনাধ্যক্ষ জীবন সিংহ মূলসুতিলৈ ঘুৰি অহাৰ পিছত কেন্দ্রীয় চৰকাৰে শান্তি আলোচনাক লৈ ভেকোভাওনা কৰাৰ বাবে গ্ৰেটাৰ কোচবিহাৰ লিবাৰেচন অৰ্গেনাইজেচন চমুকৈ জিচিএলঅ নামৰ এক সহস্র সংগঠনৰ জন্ম হয়।

উক্ত সহস্র সংগঠনৰ অধ্যক্ষ নিৰ্মল ৰায়ে বিভিন্ন সময়ত কেএলঅৰ লগত শান্তি আলোচনা অচিৰেই ফলপ্ৰসূ কৰাৰ দাবী কৰি সংবাদমাধ্যম গৰম কৰি অহাৰ পিছতেই আৰক্ষী প্ৰশাসন তৎপৰ হৈ উঠে আৰু যোৱা ১১ এপ্ৰিলত পশ্চিমবঙ্গ আৰক্ষীয়ে নিৰ্মল ৰায়ক গ্ৰেপ্তাৰ কৰে।

পশ্চিমবঙ্গ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত অসম আৰক্ষীয়ে উগ্ৰপন্থী নেতা নিৰ্মল ৰায়ক তদন্তৰ খাতিৰত জিম্মাত লৈ আহে। কোকৰাঝাৰ জিলাৰ অধীন ফকিৰাগ্ৰাম আৰক্ষীয়ে উগ্ৰপন্থী নেতা নিৰ্মল ৰায়ক জিম্মাত ৰাখি সোধা পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কেএলঅৰ সেনাধ্যক্ষ জীবন সিংহৰ আলোচনা ফলপ্ৰসূ হব নে নহব তাক লৈ এতিয়া বিভিন্ন মহলত চৰ্চা চলি থকাৰ সময়তে জিচিএলঅ নামৰ উগ্ৰপন্থী সংগঠনটোৱে জন্ম লাভ কৰে যদিও কোচ -ৰাজবংশী জাতি জনগোষ্ঠীৰ উন্নয়নৰ হকে কিমান দূৰ আগবাঢ়িব সেয়া সময়েহে কব।

ইপিনে কেন্দ্রীয় চৰকাৰে আলোচনাৰ নামত কেএলঅৰ সেনাধ্যক্ষ জীবন সিংহক মূলসুতিলৈ ঘুৰি অনাত কোচ -ৰাজবংশী জনগোষ্ঠীয় লোকসকলে সস্থিৰ নিশ্বাস পেলাইছে যদিও এই আলোচনা এক ভেকোভাওনা বুলিও বুদ্ধিজীবী মহলে উদ্দেগ প্ৰকাশ কৰিছে।

Exit mobile version