Karnataka Election Result 2023 : কৰ্ণাটকত কংগ্ৰেছৰ অপ্ৰতিৰোধ্য ,একক সংখ্যাগৰিষ্ঠতা লাভৰ দিশে কংগ্ৰেছ

kjarnataa

Karnataka Election Result 2023 :

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সমীক্ষা অনুসৰিয়ে কৰ্ণাটকত অপ্ৰতিৰোধ্য কংগ্ৰেছ ৷ সংখ্যাগৰিষ্ঠতা লাভৰ দিশে অগ্ৰসৰ কংগ্ৰেছ ৷ মুখ থেকেচা বিজেপিৰ ৷  ভোট গণানাত  সৰ্বকালৰ অভিলেখ ভংগ কৰি কংগ্ৰেছে  ১২৭ আসনত অগ্ৰগতি লাভৰ  বিপৰীতে বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে ৬৯ খন আসনত ৷

আনহাতে কিং মেকাৰ হোৱাৰ স্বপ্ন দেখা জে ডি এছ ২৬ খন আসনত অগ্ৰগতি লাভ কৰিছে ৷ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগণনা পুৱা আঠ বজাৰ পৰা অব্যাহত আছে। নিৰ্বাচন আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰা ট্ৰেণ্ড অনুসৰি, কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভৰ দিশে গতি কৰিছে। কংগ্ৰেছে সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় সংখ্যা ১১৩খন আসন ইতিমধ্যেই অতিক্ৰম কৰিছে ৷

বৰ্তমানেও অব্যাহত ভোট গণনাৰ ফলাফল অনুসৰি নিৰ্দলীয়ই ছয়খন আসনত আগ্ৰগতি লাভ কৰিছে । ইপিনে,কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এছ আৰ বোম্বাই- পৰাজয় স্বীকাৰ কৰিছে

Exit mobile version