Arunachal Rupa Fire :অৰুণাচলৰ ৰূপাত অঘটন !

ৰাজপথত জ্বলি উঠিল যাত্রীবাহী ট্ৰেভেলাৰ, কথমপি প্ৰাণৰক্ষা যাত্ৰীৰ

fire

Arunachal Rupa Fire :

চুবুৰীয়া ৰাজ্য অৰুণাচলৰ ৰূপাৰ ৰাজপথত পুৱাতে সংঘটিত হয় এক ভয়ানক অঘটন ৷ ৰাজপথেৰে গৈ থকা যাত্রীবাহী ট্ৰেভেলাৰ এখন হঠাতে অগ্নিকাণ্ড সংঘটিত হয় ৷ এই ঘটনাত কিংকৰ্তব্যবিমূঢ় হৈ যাত্ৰীৰ মাজন হাহাকাৰময় পৰিবেশৰ সৃষ্টি হয় ৷

অৱশ্যে চালকজনে অতি তৎপৰতাৰে ৰাজপথৰ কাষত গাড়ী খন ৰখাৰ পাছতে লগে লগে যাত্ৰীসকলক সুকলমে নামি আহে ৷ আনহাতে পলকতে জুয়ে আগুৰি ধৰে সম্পূৰ্ণ ট্ৰেভেলাৰ খন ৷ সেই সময়ত একেই পথৰে গৈ থকা সেনাৰ বাহন এখনৰ পৰা সেনাৰ জোৱান নামি আহি জুই নিৰ্বাপনত জড়িত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

ভয়াৱহ অগ্নকাণ্ডত ট্ৰেভেলাৰ খন সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷

Exit mobile version