Bajali :বজালীৰ এখন বিদ্যালয়ৰ দুৰাৱস্থাৰ কাহিনী

এটা শ্ৰেণী কোঠাতে ৭৪ শিক্ষাৰ্থীক লৈ চলে ৫ টা শ্ৰেণীৰ পাঠদান, মাত্ৰ এজন শিক্ষয়িত্ৰীৰে চলি আছে ১৯৭৮ ত স্থাপন হোৱা বিদ্যালয় খন

bajali

Bajali :

 শিক্ষক নিযুক্তি ৰে চমক সৃষ্টি কৰা চৰকাৰৰ শিক্ষাৰ নামত ল’ৰা ধেমালিৰ এক নিদৰ্শন l বজালীৰ অন্তৰ্গত এখন চৰকাৰী বিদ্যালয়ত ৭৪ গৰাকী শিক্ষাৰ্থীৰ লগত যেন চৰকাৰে শিক্ষাৰ নামত কৰিছে লৰা -ধেমালি l

কাৰণ বিগত ৩ টা বছৰে মাত্ৰ এগৰাকী শিক্ষয়িত্ৰী য়ে এটা শ্ৰেণী কোঠাতে একেলগে শিক্ষা দান কৰিবলৈ বাধ্য হৈছে প্ৰথম মানৰ পৰা পঞ্চম মানলৈ ৫ টা শ্ৰেণীৰ ৭৪ গৰাকী শিক্ষাৰ্থীক l

পাঠশালাৰ পৰা উত্তৰ প্ৰান্তৰ বাঘমাৰাৰ সমীপৰ পশ্চিম হলংবাৰী প্ৰাথমিক বিদ্যালয়ত সংখ্যালঘু শিক্ষাৰ্থীৰে ভৰপূৰ বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে শিক্ষাৰ লগতে গীত নৃত্য সকলোতে সমানে আগবঢ়াৰ প্ৰয়াস ৰাখিছে অব্যাহত l

কিন্তু ভাবক যে এটা শ্ৰেণী কোঠাত বহি ৫ টা শ্ৰেণীৰ পাঠদান একেলগে সম্ভৱ নে l কেতিয়াবা শিক্ষয়িত্ৰী গৰাকীয়ে দুটা শ্ৰেণীত ভাগ কৰি পাঠদান কৰে যদিও সেয়া ও যেন অৰ্থহীন l

আনকি নিজৰ দৰমহাৰ টকাৰে শিক্ষয়িত্ৰী গৰাকী বিদ্যালয়ত সংযোগ কৰিছে বিদ্যুৎ l সততে টেট শিক্ষক নিযুক্তি দি চমক সৃষ্টি কৰা চৰকাৰৰ শিক্ষাৰ নামত দৰাচলতে বাস্তব ছবি এয়া হে I

Exit mobile version