Tragic Incident In Bamunimaidam:মহানগৰীত মৰ্মান্তিক ঘটনা !

জাবৰৰ গাঁতত পৰি মৃত্যুক সাৱটি লয় এগৰাকী মহিলাই

fire 1

Tragic Incident In Bamunimaidam:

মহানগৰীৰ বামুনীমৈদামত হৃদয়-বিদাৰক ঘটনা ৷ জাবৰ পেলাব গৈ জাবৰৰ গাঁতত পৰি কৰুণ মৃত্যু এগৰাকী মহিলাৰ ৷
এই শোকাৱহ ঘটনা সংঘটিত হয় গণেশ নগৰৰ শংকৰ মাধৱ পথত ৷

আজি পুৱা নিজ বাসগৃহৰ চৌহদত থকা পৰিত্যক্ত পাঁচফুট দ কুঁৱাত দুৰ্ভগীয়া মহিলা গৈছিল জাৱৰ পেলাবলৈ ৷ হঠাতে তেওঁৰ হাতত থকা ম’বাইলটো কুৱাঁটোত পৰি যোৱাত মহিলা গৰাকীয়ে ম’বাইল আনিবলৈ অকস্মাৎ কুৱাঁটোত পৰি যায় ৷

পূৰ্বৰে পৰা কুৱাঁটোত থকা জাৱৰ সমূহ জ্বলি থকা জুইত মহিলা গৰাকী পৰি অগ্নিদগ্ধ হৈ শোকাৱহ মৃত্যু সাবটি লয় । মৃত মহিলা গৰাকীৰ নাম অলকা শৰ্মাৰ।

ইতিমধ্যে ঘটনাস্থলীত চান্দমাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰে ৷
সৰবৰহী মহিলা গৰাকীৰ কৰুন মৃত্যুৰ ঘটনাত গণেশ নগৰৰ শংকৰ মাধৱ পথ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

Exit mobile version