West Karbianglong:পশ্চিম কাৰ্বি আংলঙৰ জেংখাত অঘটন !

শীতল পানীয় সেৱনৰ পাছতে যুৱকৰ ৰহস্যজনক মৃত্যু

karbianglong

West Karbianglong:

পশ্চিম কাৰ্বি আংলঙৰ জেংখাত অঘটন। ষ্টীং নামৰ শীতল পানীয় (cold drinks) খায় এজন যুৱকৰ ৰহস্যজনক মৃত্যু। খেৰণি থানা অন্তৰ্গত জেংখাৰ টৰ্টে-আপাম নামৰ গাওঁখনৰ নিবাসী আছিল যুৱকজন । মৃত যুৱকজনৰ নাম এনথনি ৰংহাং।

চেকার্টু গাঁৱত অৱস্থিত এখন দোকানৰ পৰা ষ্টীং ক্ৰয় কৰি খোৱাৰ পাছতে সংঘটিত হয় এই দুৰ্ঘনাটো । দোকানৰ সন্মুখতে অসুস্থ হৈ পৰা যুৱকজনক তঁতালিকে চিকিৎসালয়লৈ নিয়ে যদিও আদবাটতে মৃত্যুক আকোঁৱালি লয় যুৱকজনে ৷

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি । ইতিমধ্যে ঘটনাৰ পাছতেই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Exit mobile version