Nagaon:নগাঁৱত হত্যাৰ গোচৰত দুজনক জৰিমনাসহ সশ্রম যাৱজ্জীৱন কাৰাদণ্ড

nagaon court

Nagaon :

ADVERTISEMENT

এক হত্যাৰ গোচৰত অভিযুক্ত দুজন লোকক নগাঁও আদালতে যাবজ্জীবন কাৰাদণ্ডৰে দণ্ডিত কৰে। গোচৰটোৰ চৰকাৰী অধিবক্তা বিভা ফুকনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পামগাঁও ক্ষুদ্র চাহ বাগিচাৰ চকীদাৰ মুগৰু মুড়াৰ গৃহত যোৱা ২০১৪ ৰ ১৩ জানুৱাৰীৰ নিশা প্ৰায় আঠ বজাত স্থানীয় ৰাজু ছেত্ৰী আৰু ৰঘু ছেত্ৰীৰ নেতৃত্বত এটা চাৰিজনীয়া দল উপস্থিত হৈছিল।

সেই নির্দিষ্ট গৃহটোত উপস্থিত হৈ মুড়াৰ পত্নী জোনাকী মুড়াই ৰান্ধি থকা মাংস খাবলৈ দিব লাগে বুলি ৰাজু আৰু ৰঘুৱে বিচাৰে; কিন্তু মাংস দিবলৈ অমান্তি হোৱাত তেওঁলোকে জোনাকীক ঢোকা অস্ত্ৰৰে আঘাত কৰে। পাছত আঘাতপ্রাপ্ত জোনাকীয়ে ওচৰৰে মিন্টু গোৱালাৰ গৃহত আশ্ৰয় লয় আৰু সেই সময়ত গৃহত শুই থকা জোনাকীৰ কিশোৰী কন্যা মীৰা মুড়াই জংঘলত আশ্ৰয় লৈ আত্মৰক্ষা কৰিবলৈ সক্ষম হয়।

আনহাতে, জোনাকীৰ স্বামীয়ে পলাবলৈ চেষ্টা কৰে যদিও খেদি খেদি আক্ৰমণ কৰি তেওঁক ৰাজু আৰু ৰঘুৱে গুৰুতৰভাৱে আহত কৰে। ঘটনাৰ বিষয়ে অৱগত হৈ লগে লগে বাগিচাখনৰ মালিক ভূৱন জ্যোতি ফুকনে গুৰুতৰভাৱে আঘাতপ্রাপ্ত মূড়াক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰায় যদিও পাছদিনা পুৱা তেওঁৰ মৃত্যু হয়।

ঘটনা সন্দৰ্ভত বাগিচাখনৰ মালিক ফুকনে স্থানীয় চামগুৰি আৰক্ষী থানাত অভিযুক্ত ৰাজু আৰু ৰঘুসহ চাৰিজন লোকৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে ১৪/২০১৪ নম্বৰত গোচৰটো ৰুজু কৰি নগাঁও আদালতত অভিযুক্ত চাৰিজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ পাছত সাক্ষী-বাদী লোৱাৰ অন্তত অৱশেষত নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ ৰক্তিম দুৱৰাৰ আদালতে এক ৰায়দান যোগে হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰাজু আৰু ৰঘুক ভাৰতীয় দণ্ড বিধিৰ ৪৪৮/৩২৩/324/302 ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰি দুয়োজনক সশ্রম যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ১০ হেজাৰ টকাৰ জৰিমনা বিহে।

Exit mobile version