North-Easr Public Relation Conclave'২৩:‘নৰ্থ ইষ্ট পালিক ৰিলেশ্বন কনক্লেভ ২০২৩’ৰ আয়োজন

guwahati

North-Easr Public Relation Conclave’২৩:

পাবলিক ৰিলেশ্বন চ’ছাইটী অব্ ইণ্ডিয়া, গুৱাহাটী শাখাৰ উদ্যোগত আৰু ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিশন প্ৰতিষ্ঠানৰ সহযোগত অহা ২০ আৰু ২১ মে’ত গুৱাহাটীৰ চাংসাৰীত অৱস্থিত প্ৰতিষ্ঠানৰ চৌহদত ‘নৰ্থ ইষ্ট পাবলিক ৰিলেশ্বন কনক্লেভ ২০২৩’ ৰ আয়োজন কৰা হৈছে।

২০ মে’ৰ দিনৰ ১০.৩০ বজাত অনুষ্ঠানৰ শুভাৰম্ভ কৰা হ’ব। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব ড° বি. কল্যাণ চক্ৰৱৰ্তী, আই এ এছ আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব পি আৰ এছ আইৰ ৰাষ্ট্ৰীয় সভাপতি ড° অজিত পাঠক।

এইবাৰৰ অনুষ্ঠানটোৰ বিষয়বস্তু হৈছে ‘সৃজনশীলতা, বহনক্ষমতা আৰু জনসংযোগ। উক্ত বিষয়বস্তুৰ লগত সংগতি ৰাখি ২০ আৰু ২১ মে’ত প্রতিদিনে তিনিখনকৈ বিশেষ কাৰিকৰী আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে ।

মুম্বাই চলচ্চিত্ৰ উদ্যোগৰ OTT ক্ষেত্ৰত কৰ্মৰত ড° অমৃতা গোস্বামীয়ে আঞ্চলিক ভাষাত নির্মিত চলচ্চিত্ৰক কেনেকৈ OTT মাধ্যমত মুক্তি দিব পৰা পৰা যায় সেই সন্দৰ্ভত বিশেষ ভাষণ প্রদান কৰিব। মণিপুৰৰ ৰাষ্ট্ৰীয় পদকপ্রাপ্ত চলচ্চিত্র নির্মাতা হাওরাম পবন কুমাৰে বৰ্তমান সময়ৰ পৰিৱৰ্তনশীল ব্যৱস্থাত চলচ্চিত্র নির্মাণত সন্মুখীন হোৱা জটিলতা আৰু সুযোগৰ ওপৰত ভাষণ প্ৰদান কৰিব।

বিয়লি ২.৩০ বজাত আঞ্চলিক চলচ্চিত্র উদ্যোগত উন্নতমানৰ চলচ্চিত্ৰ নিৰ্মাণ প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ’ব। আলোচনা চক্ৰখনত অংশ ল’ব ড° অমৃতা গোস্বামী, হাওবাম পবন কুমাৰ, অধ্যাপক ফাৰুক ইকবাল আৰু আঁত ধৰিব মেঘালয়ৰ চলচ্চিত্ৰ নিৰ্মাতা ড:মিনিক চাংমাই।

২১ মে’ৰ প্ৰথমখন আলোচনা চক্ৰৰ বিষয়বস্তু হ’ল প্ৰকৃতি সংৰক্ষণৰ বাবে জনজাগৰণ সৃষ্টি কৰাত চলচ্চিত্ৰ আৰু তথ্যচিত্ৰৰ ভূমিকা। ইয়াত ভাগ ল’ব বিশিষ্ট প্রকৃতিপ্রেমী পদ্মশ্ৰী বঁটাপ্ৰাপক যাদৱ পায়েং, প্ৰবক্তা সঞ্জীৱ পৰাশৰ আৰু আঁত ধৰিব গুৱাহাটী দূৰদৰ্শনৰ কাৰ্যবাহী বিষয়া সুৰজিৎ সিন্হা ৰয়ে।

দ্বিতীয়খন আলোচনা চক্ৰত অংশ ল’ব বিশিষ্ট প্রকৃতিকর্মী ৰিটুৰাজ ফুকনে। আলোচনাৰ বিষয়বস্তু হ’ল ‘প্ৰকৃতিৰ বহনক্ষমতা আৰু চলচ্চিত্ৰ নিৰ্মাণ’। দ্বিতীয়দিনা ৰ অন্তিমখন আলোচনা চক্ৰৰ বিষয়বস্তু হ’ল ‘সীমিত বাজেটেৰে চলচ্চিত্র নির্মাণ, জনপ্রিয় চলচ্চিত্র নির্মাতা কেনি বসুমতাৰীয়ে উক্ত বিষয়ত ভাষণ প্ৰদান কৰিব।

Exit mobile version