National Karate Championship Silver Medalist :ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ৰূপৰ পদক পোৱা কচুগাওঁৰ যুৱক ডেনা হাসদাক সম্বৰ্দ্ধনা

karate

National Karate Championship Silver Medalist :

 ১২ মে’ৰ পৰা ১৪ মে’লৈ হৈ যোৱা উত্তৰ প্ৰদেশৰ নয়ডা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত  ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ মহকুমাৰ কচুগাওঁস্থিত ইছলামপুৰ গাওঁৰ দৰিদ্ৰ খেতিয়ক পৰিয়ালৰ স্বৰ্গীয় সোম হাসদাৰ পুত্ৰ ডেনা হাসদাই।

তেওঁৰ সৱল চেষ্টা স্কুল পয্যায়ৰ পৰা আৰম্ভ কৰি, জিলা,ৰাজ্যিক পৰ্যায়ত প্ৰতিযোগিতা কৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত
পদক লাভ কৰাৰ পাছত ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠে চাওঁতাল জনগোষ্ঠীটোৰ পৰা।

আজি ডেনা হাসদাৰ ঘৰত উপস্থিত হৈ গাওঁৰ ৰাইজে সম্বৰ্ধনা জ্ঞাপন কৰে লগতে আনন্দ উল্লাস কৰে। লগতে এই খৱৰ লাভ কৰাত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক ইজৰাইয়েল হেম্ব্ৰম উপস্থিত হয় আৰু সম্বৰ্ধনা জনায় লগতে আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰতিযোগিতাৰ বাবে উৎসাহ উদ্দিপনা জগায়।

এই অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম চাওঁতালি মহিলা সমিতিৰ কচুগাওঁ আঞ্চলিক সমিতিৰ উপদেষ্টা সপনতি সৰেন,আকমা কচুগাওঁ শিৱিৰৰ ভাৰপ্ৰাপ্ত লবিন্দ্ৰনাথ মুৰ্ম্মূ,বিছিএফ কচুগাওঁ শিৱিৰৰ ভাৰপ্ৰাপ্ত জেমশন টুডু,এছু কচুগাওঁ আঞ্চলিক সমিতিৰ সভাপতি চুনকা মুৰ্ম্মূ,উপদেষ্টা ৰূপাই বাস্কে,আছা কচুগাওঁ আঞ্চলিক সমিতিৰ উপদেষ্টা মানিক মুৰ্ম্মূ,এছু গোসাইগাওঁ আঞ্চলিক সমিতিৰ বিত্ত সম্পাদক ঝংগল মাৰ্ডী,আত্মসৰ্মপন নাছলাৰ কচুগাওঁৰ ভাৰপ্ৰাপ্ত মশে হাসদা।

Exit mobile version