Sherman Ali Ahmed : শ্বেৰমান আলীৰ পি এছ অ’ প্ৰত্যাহাৰ অসম আৰক্ষীৰ

বিধায়ক শ্বেৰমানে দেহৰক্ষীক নিৰ্দেশ দিছিল গুলী চলোৱাৰ

sherman ALI

Mla Sherman Ali Ahmed :

বহু বিৰ্তকিত কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ পি এছ অ’ প্ৰত্যাহাৰ কৰে আৰক্ষীয়ে।বাঘবৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে নিজ সমষ্টিত এজন লোকক দেহৰক্ষীক গুলী চলোৱাৰ নিৰ্দেশ দিছিল ৷

যাক লৈ প্ৰচাৰ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছিল ৷ আজি অসম আৰক্ষীৰ হেডকোৱাৰ্টাৰত অনুষ্ঠিত এক সংবাদমেলত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে বিধায়ক গৰাকীৰ পি এছ অ’প্ৰত্যাহাৰৰ এই কথা সদৰি কৰে।

উল্লেখযোগ্য যে বাঘবৰ সমষ্টিৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ পৰা তেওঁৰ সমষ্টিৰে মণ্ডল কংগ্ৰেছৰ সভাপতি এজনে পাবলগীয়া টকা বিচৰাৰ বাবে আলীয়ে নিজৰ দেহৰক্ষীক সভাপতিজনক গুলীওৱাৰ নিৰ্দেশ দিছিল শ্বেৰমানে।
আনকি গুলী নুফুটোৱাৰ বাবে নিজ দেহৰক্ষীজনকে তৰ্জন-গৰ্জন কৰি অবাইছ মাতেৰে কৰ্কথনা কৰে ৷

প্ৰাপ্ত তথ্য মতে , বাঘমাৰা বিধায়ক শ্বেৰমান আলী আহমেদে এটা ১৭ মে’ত নিজ সমষ্টিৰ পঞ্চায়ত গৃহ এটি উদ্বোধন কৰিবলৈ যোৱাৰ সময়তে বিগত বিধানসভা নিৰ্বাচনত বাঘমাৰা মণ্ডল কংগ্ৰেছৰ সভাপতি জিন্না ৰেজ্জাকুল আলমে অভিযোগ কৰি কয়, নিৰ্বাচনৰ বাবদ দুই লাখ টকা কৰিছিল শ্বেৰমানে ৷

কিন্ত নিৰ্বাচন হোৱাৰ দুবছৰ অতিক্ৰম কৰাৰ পাছতো টকা উভতাই নোপোৱাৰ সন্দৰ্ভত জবাবদিহি কৰে বিধায়কজনক ৷ যাৰবাবে খংত টিঙিৰিতুলা হৈ বিধায়ক শ্বেৰমানে নিজ দেহৰক্ষীক মণ্ডল কংগ্ৰেছৰ সভাপতিজনক গুলী কৰাৰ নিৰ্দেশ দিছিল ৷ কিন্ত এই ক্ষেত্ৰত বিধায়কজনৰ নিৰ্দেশক দেহৰক্ষীজনে কোনো সহাৰী নিদিয়াত নানান গালি- গালাজ কৰে ৷

স্মতৰ্ৱ্য যে,সততে বিৰ্তকৰ মাজত থকা বিধায়ক শ্বেৰমান আলীৰ বিভিন্ন কৰ্মকাণ্ডই সমষ্টিবাসীক লজ্জানত কৰে বুলি মন্তব্য কৰে বাঘবৰৰ সচেতন মহলে ৷

Exit mobile version