Drugs Seized And Paddler Arrested In Hajo :ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক অভিযান

হাজোৰ বৰ্ণিত আৰক্ষীৰ অভিযানত আটক ড্ৰাগছ সৰবৰাহকাৰীআটক

drugs Seized

Drugs Seized And Paddler Arrested In Hajo:

ড্ৰাগছৰ গোপন সৰবৰাহ ৰাজ্যৰ ভিন্ন স্থানত সংগোপনে অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ মাজতে শণিবাৰে নিশা হাজো আৰক্ষীয়ে বৰ্ণিৰ বিভিন্ন স্থানত গোপন সূত্ৰৰ পমখেদি অৰ্তকিতে চলোৱা এক অভিযানত জব্দ কৰিবলৈ সক্ষম হয় ২০.৫ গ্রাম ড্রাগছ। লগতে আটক কৰা হয় তিনি ড্রাগছ সৰবৰাহকাৰী

ধৃত ড্ৰাগছ সৰবৰাহকাৰীকেইটা হ’ল ৰাজলুম আলী, আবেদ আলী আৰু পিংকু আলী ৷ উল্লেখ্য আটকাধীন পিংকু আলীৰ বাসগৃহৰ পৰা জব্দ কৰা হয় ১০৯ টা কণ্টেইনাৰ আৰু আবেদ আলীৰ বাসগৃহৰ পৰা জব্দ কৰা হয় ১০টা কণ্টেইনাৰ সহ বহু পেকেট।

উল্লেখ্য যে, ৰাজু আলী সহ তিনি সৰবৰাহকাৰেয়ে ড্রাগছৰ পেকিট বিক্রী কৰিবলৈ গৈ থকা পথতে আৰক্ষীয়ে হাতেলোটে কৰায়ত্ত কৰে ৷

Exit mobile version