Major Reshuffle In Assam Police:জোনমণি ৰাভা মৃত্যু কাণ্ডৰ প্ৰভাৱ অসম আৰক্ষীত !

 পুনৰ বৃহৎ ৰদ-বদল, ৮৩ উপ-পৰিদৰ্শকৰ ৰদ-বদল

g p sing

Major Reshuffle In Assam Police:

ৰাজ্য কঁপাই যোৱা এছ আই জোনমণি ৰাভা ৰহস্যজনক মৃত্যু ঘটনাক লৈ ইতিমধ্যে লখিমপুৰ আৰু নগাঁওৰ এছ পি আৰু এ এছ পি সহ কেইবাজনো এছ আইক বদলি কৰাৰ পাছতে আজি পুনৰ ব্যাপক ৰদ- বদল কৰে আৰক্ষী হেডকোৱাৰ্টাৰে ৷ ইয়াৰ পিছতে আজি অসম আৰক্ষীৰ বিভিন্ন প্ৰান্তৰ ৮৩ গৰাকী উপ-পৰিদৰ্শকক ৰদ-বদল কৰে ৷

উল্লেখ্য যে, শণিবাৰে মহানগৰীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত অসম আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান জি পি সিঙে স্পষ্ট কৰি কৈছিল যে,একেস্থানতে তিনি বছৰ অতিক্ৰম কৰা আৰক্ষী বিষয়াক শীৰ্ঘেই বদলি কৰা হ’ব ৷

ডিজি পি গৰাকীৰ এই ঘোষণাৰ বাৰ ঘন্টাৰ পাছতে আজি ৮৩ গৰাকী উপ-পৰিদৰ্শকৰ ৰদ-বদলৰ বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ একপ্ৰকাৰ জোনমণি কাণ্ডই জোকাৰি গৈছে আৰক্ষী বিভাগত ৷

Exit mobile version