HSLC Result 2023 Highest Latter Marks:হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত লেটাৰ মাৰ্কছ লাভ কৰিছে মুঠ ১,৭৭,৯১১

সমাজ বিজ্ঞান বিষয়ত সৰ্বাধিক ৪৩,০৬৯ গৰাকী, ঐচ্ছিক গণিতত সৰ্বনিম্ন ৭,৪৫৯ গৰাকী

results

HSLC Result 2023 Highest Latter Marks:

আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিগত বৰ্ষতকৈ উত্তীৰ্ণৰ হাৰ হৈছে যথেষ্ট বৃদ্ধি পাইছে ৷ বিগত বৰ্ষত মেট্ৰিকৰ উত্তীৰ্ণ হাৰ আছিল ৫৬.৪৯ শতাংশ। কিন্ত এই বৰ্ষত এই হাৰ বৃদ্ধি পাইছে ৭২.৬৯ শতাংশলৈ । এইবাৰৰ উত্তীৰ্ণৰ হাৰ হৈছে ৭২, ৬৯ শতাংশ।আনহাতে লেটাৰ মাৰ্কছ লাভ কৰা শিক্ষাৰ্থীৰ সংখ্যা ১,৭৭,৯১১ গৰাকী ৷

সেই অনুসৰি সমাজ বিজ্ঞান বিষয়ত ৪৩,০৬৯ গৰাকী, ইংৰাজী বিষয়ত ৪২,২৮২ গৰাকী, সাধাৰণ বিজ্ঞানত ১৮,৮৩৪ গৰাকী, সাধাৰণ গণিতত ১৬,৫৩১গৰাকী,অসমীয়া বিষয়ত ৭,১৩৯ গৰাকী শিক্ষাৰ্থীয়ে লেটাৰ মাৰ্কছ লাভ কৰিছে ঐচ্ছিক গণিতত সৰ্বনিম্ন ৭,৪৫৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লেটাৰ মাৰ্কছ লাভ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে,মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল চাৰি লাখ ১৯ হেজাৰ ৮৮৭ গৰাকী। আনহাতে উত্তীৰ্ণৰ হাৰ আছিল ৭২.৬৯ শতাংশ । ৯১২টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা। ছাত্ৰৰ সংখ্যা এক লাখ ৯৪ হাজাৰ ৫৪ গৰাকীৰ বিপৰীতে ছাত্ৰীৰ সংখ্যা আছিল দুই লাখ ২৮ হাজাৰ ১২০গৰাকী।

বৰপেটাত সৰ্বাধিক ২৭,৬৪৭গৰাকী পৰীক্ষাৰ্থী থকাৰ বিপৰীতে মাজুলীত সৰ্বনিম্ন ৩,০৩৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত।

Exit mobile version