HSLC Result 2023 Nagaon :মেধাৰ দৌৰত পুনৰ জিলিকিল নগাঁও

চাৰি গৰাকীকৈ কীৰ্তিমানে উজ্বলালে কলঙৰ পাৰ, দ্বিতীয় স্থানত নগাঁৱৰ ৰেঁণেছা মাধ্যমিক বিদ্যালয়ৰ

nagaon2

HSLC Result 2023 Nagaon :

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চলিত বৰ্ষৰ ফলাফলত শীৰ্ষ স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰে মেধাৰ দৌৰত পুনৰ জিলিকিল নগাঁও । চাৰি গৰাকীকৈ কীৰ্তিমানে উজ্বলালে কলঙৰ পাৰ ।

দ্বিতীয় স্থানত নগাঁৱৰ ৰেঁণেছা মাধ্যমিক বিদ্যালয়ৰ ইশ্ৰাত ফাৰিহা, পঞ্চম স্থানত নগাঁও খ্ৰীষ্টজ্যোতি হাইস্কুলৰ সুস্মিতা পোদ্দাৰ আৰু নগাঁও আমোলাপট্টি শংকৰদেৱ শিশু নিকেতনৰ নীলোৎপল মণ্ডল, সপ্তম স্থানত ৰামানুজন মাধ্যমিক বিদ্যালয়ৰ নিশান্ত বৰা ।

Exit mobile version