Boko:বকোৰ সোণতলীত আৰক্ষীৰ জালত কুখ্যাত জালনোট ব্যৱসায়ী

এক লাখ ৩২ হেজাৰ টকাৰ আচল ৫০০ টকীয়া দুশখন জালনোটৰ লগতে বহু আপত্তিজনক সামগ্রী জব্দ

fake note

Boko:

অৱশেষত আৰক্ষীৰ জালত পৰিল কামৰূপ জিলাৰ বকো সমষ্টিৰ সোণতলীৰ কুখ্যাত জালনোট ব্যবসায়ী সৰু আৰিকাটি নিবাসী জেহাদ আলী (৫৫)। দীৰ্ঘদিন ধৰি জালনোটৰ ব্যৱসায়ৰ এক ক’লা সাম্রাজ্য গঢ়ি তোলা জেহাদ আলীক পুৱতি নিশা বকো আৰক্ষীয়ে আটক কৰে ৷

বকো আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ফণীন্দ্র চন্দ্ৰ নাথৰ নেতৃত্বত চলিছিল অভিযান গোপন সুত্ৰৰ পদ্মখেদি সোণতলী আৰক্ষীৰ সহযোগত সৰু আধিকাটিত বকো আৰক্ষীয়ে চলোৱা এই অভিযানত আৰক্ষীৰ জালত পৰে সোণতলী অঞ্চলত দীৰ্ঘদিন ধৰি বিভিন্ন অপৰাধমূলক কার্যৰ সতে জড়িত জাল নোটৰ ব্যৱসায়ী জেহাদ আলী।

লগতে তেওঁৰ পৰা আৰক্ষীয়ে জব্দ কৰে জালনোট প্ৰস্তুত কৰা বহু আপত্তিজনক সামগ্ৰী। আৰক্ষীৰ এই অভিযানত ব্যৱসায়ীজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৫০০ টকীয়া ২০০খন জাল নোটৰ লগতে এক লাখ ৩২ হাজাৰ ৬৬০ টকাৰ আচল নোট জব্দ কৰে। ইয়াৰ উপৰি, জাল নোটৰ বাণ্ডল বনোৱা মেচিন এখনো উদ্ধাৰ কৰে আৰক্ষীয়ে।

Exit mobile version