Cm PressMeet In Janata Bhawan:গুৱাহাটীত প্ৰত্যাহাৰ ১৪৪ ধাৰা

দিনৰ ১২ বজাৰ পৰা প্ৰত্যাহাৰ, সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰীৰ

cm pressmeet 1

Cm PressMeet In Janata Bhawan:

গুৱাহাটীত প্ৰত্যাহাৰ কৰা হ’ল ১৪৪ ধাৰা ৷ মঙলবাৰে দিনৰ বাৰ বজাৰ পৰা ১৪৪ ধাৰা প্ৰত্যাহাৰৰ কথা ঘোষণা কৰে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাই

ADVERTISEMENT

জনতা ভৱনত আয়োজন কৰা এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে ২৫ মে’ত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্য চৰকাৰৰ উদ্যোগত বৃহৎ নিযুক্তি পত্ৰ সমাৰোহ সন্দৰ্ভত কয়,২৫মে’ত অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ ৷ বিয়লি তিনি বজাত নিযুক্তি পত্ৰ বিতৰণ সমাৰোহত ৪৪,৭০৩গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব গৃহমন্ত্ৰী গৰাকীয়ে ৷

নিযুক্তি সমাৰোহত তৃতীয় বৰ্গত ১১,০৪৮ গৰাকীয়ে ,চতৰ্থ বৰ্গত ১৩,৭৩৯ গৰাকী, বন বিভাগত ২,৭২০ গৰাকী, গৃহৰক্ষী হিচাপে ৩০৭জনক, জেল বিভাগত ৩০১ জনক নিযুক্তি দিয়াৰ উপৰিও আৰক্ষীৰ ছহিদ পৰিয়ালৰ ২৩১ গৰাকীক নিযুক্তি দিয়া হ’ব বুলি সংবাদমেলত সদৰি কৰে মুখ্যমন্ত্ৰীয়ে ৷

Exit mobile version