Fake Gold Paddler Arrest:মহানগৰীৰ গড়চুক আৰক্ষীৰ জালত দুই নকল সোণৰ সৰবৰাহকাৰী

fake god 1

Fake Gold Paddler Arrest:

বহুচৰ্চিত এছ আই জোনমণি ৰাভা মৃত্যু ঘটনাৰ স’তে নকল সোনৰ চক্ৰ সাঙোৰ খোৱাৰ পাছৰে পৰা নকল সোন সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যাপক অভিযান অব্যাহত ৰাখে ৷

ইয়াৰ মাজতে মহানগৰীৰ গড়চুক আৰক্ষীৰ জালত পৰে দুই নকল সোণৰ সৰবৰাহকাৰী ৷ তিনি লাখ টকাত উত্তৰ প্ৰদেশৰ লোকক বিক্ৰীৰ চলেৰে গুৱাহাটীলৈ আনিছিল নকল সোণৰ নাও ৷

কিন্ত গড়চুক আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি অৰ্তকিতে অভিযান চলাই দুই সৰবৰাহকাৰীক নকল সোণৰ নাও সহ আটক কৰে ৷ ধৃত সৰবৰাহকাৰী দুটা হ’ল লক্ষীমপুৰৰ ইনামুল আলী আৰু ৰছিদুল আলী ৷

Exit mobile version