Kaziranga National Park:চলিত পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন সমাপ্ত

তিনি লাখ ১৭ হাজাৰ ৬৩৮ গৰাকী পৰ্যটকৰ আগমন চলিতবৰ্ষত

kaziranga

Kaziranga National Park:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিত পৰ্যটনবৰ্ষ সমাপ্ত হয় ৷ ২০২২-২৩ পৰ্যটনবৰ্ষত কাজিৰঙা দৰ্শন কৰিলে প্ৰায় তিনি লাখ ১৭ হাজাৰ ৬৩৮ গৰাকী দেশী-বিদেশী পৰ্যটক

এক সংবাদমেল যোগে এই তথ্য সদৰি কৰে উদ্যান খনৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই ৷ তেওঁ কয়, উদ্যানলৈ আগমন হোৱা পৰ্যটকৰ ভিতৰত ভাৰতীয়ৰ সংখ্যা তিনি লাখ ছয় হেজাৰ ৮৭০ গৰাকী আৰু বিদেশী পৰ্যটকৰ সংখ্যা ১০ হাজাৰ ৭৬৮ গৰাকী ৷

আনহাতে পৰ্যটন বৰ্ষটোত সংগৃহিত ৰাজহৰ পৰিমান আছিল সাতকোটি ৫৪ লাখ ১৫ হেজাৰ ২৯৯ টকা ৷ উল্লেখ্য যে, ২০২১-২২ পৰ্যটন বৰ্ষত পৰ্যটকৰ সংখ্যা আছিল প্ৰায় দুই লাখ ৪৮ হাজাৰ ৩৮৯ গৰাকী৷ উল্লিখিত বৰ্ষত ৰাজহ সংগ্ৰহ হৈছিল পাঁচ কোটি ৩৬ লাখ ৩৫ হেজাৰ ৬৯০ টকা ৷

সঞ্চালক শৰ্মাই উল্লেখ কৰে যে, যোৱা বছৰৰ পৰ্যটন বৰ্ষতকৈ এইবৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যা নহেজাৰ বৃদ্ধি হয় ৷

Exit mobile version