Nagaon Congress Leader Arrest:নগাঁৱত পঞ্চায়ত সচিবক ধন দাবী কৰি পুনৰ গ্ৰেপ্তাৰ হ’ল কংগ্ৰেছী নেতা ফকৰুদ্দিন আহমেদ

Fakaruddin a rrested

Nagaon Congress Leader Arrest:

স্বয়ম্ভূ আটিআই কর্মী, সদ্য জেল ফেৰ‍ তথাকথিত নেতা ফকৰুদ্দিন আহমেদক পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । জিলাখনৰ ডাকৰঘাট গাঁও পঞ্চায়তৰ সচিব কৃষ্ণ কান্ত সৰকাৰৰ এজাহাৰৰ ভিত্তিত বহু বিতর্কিত ফকৰুদ্দিনক পুনৰবাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

যোৱা ১৮ মে’ত ডাকৰঘাট গাঁও পঞ্চায়তৰ সচিব কৃষ্ণ কান্ত সৰকাৰে নগাঁও সদৰ আৰক্ষী থানাত দাখিল কৰা এক এজাহাৰত তেওঁ অভিযোগ উত্থাপন কৰিছিল যে স্বয়ম্ভূ আইটিআই কৰ্মী, জিলা কংগ্ৰেছৰ নেতা বুলি নিজকে জাহিৰ কৰা ফকৰুদ্দিনে তেওঁক প্ৰায়েই ধন দাবী কৰি ভয় ভাবুকি প্ৰদান কৰি আহিছে।

আনকি শেহতীয়াকৈ যোৱা ১৮ মে’ৰ দিনা দুপৰীয়া প্ৰায় ১২ বজাত ফকৰুদ্দিন পুনৰ ডাকৰঘাট গাঁও পঞ্চায়তৰ কাৰ্যালয়লৈ যায়। সেই দিনাও তেওঁ সচিবজনক পুনৰ ১০ হেজাৰ টকা দাবী কৰে। কিন্তু পঞ্চায়ত সচিব কৃষ্ণ কান্ত সৰকাৰে দাবী কৰা ধন আদায় দিবলৈ অমান্তি হোৱাত তেওঁক কার্যালয়তে প্ৰাণে মৰাৰ চেষ্টা কৰে।

পাছত তেওঁ চিঞৰ-বাখৰ কৰাত কাৰ্যালয়টোৰ আন কৰ্মচাৰী অহাত ফকৰুদ্দিনে পলায়ন কৰে। পঞ্চায়ত সচিব সৰকাৰৰ এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নগাঁও সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি আজি বহু বিতর্কিত কংগ্ৰেছ নেতা, স্বয়ম্ভূ আটিআই কৰ্মী ফকৰুদ্দিনক গ্ৰেপ্তাৰ কৰে।

স্মর্তব্য যে কিছু দিন পূৰ্বে পিএমএৱাই-জি ঘৰৰ নামত ধন দাবী কৰি নগাঁও সদৰ আৰক্ষী থানাৰ ৮০৮/২০২৩ নম্বৰৰ আন এক গোচৰত গ্ৰেপ্তাৰ হৈ ফকৰুদ্দিনে জেলৰ ভাত খাবলগীয়া হৈছিল।

জানিব পৰা মতে, এই ফকৰুদ্দিন আহমেদ বর্তমান নগাঁও জিলা কংগ্ৰেছৰ এগৰাকী অন্যতম সম্পাদক। সম্প্রতি আৰক্ষীয়ে ফকৰুদ্দিনক জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে, ফকৰুদ্দিনৰ বিৰুদ্ধে এনে অভিযোগ এয়েই প্রথম নহয়।

Exit mobile version