UPSC Result: ইউ পি এছ চিৰ পৰীক্ষাৰ চূড়ান্ত ফলাফলত সৰ্বভাৰতীয় ৰেংকিঙত পঞ্চম স্থান  তেজপুৰৰ ময়ূৰ হাজৰিকাৰ

অসমৰ সাত জনকৈ মেধাৱী সন্তান উজ্জ্বলি উঠিল ইউ পি এছ চিত

mayur 1

UPSC Result:

অসমৰ বাবে এটি ভাল খবৰ ৷ ইউ পি এছ চি পৰীক্ষাৰ চূড়ান্ত ফলাফলত সৰ্বভাৰতীয় ৰেংকিঙত পঞ্চম স্থান পাই পুনৰ উজ্জ্বলি উঠিল এজন অসমীয়া ৷

দেশৰ ভিতৰতে পঞ্চম লাভ কৰা অসম সন্তানজন হ’ল তেজপুৰৰ ময়ূৰ হাজৰিকা ৷ লোক নিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা কৃষ্ণ হাজৰিকাৰ সুযোগ্য পুত্ৰ ময়ূৰ এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ।

পিতৃৰ চাকৰিসূত্ৰে তেজপুৰৰ ডনবস্কত অধ্যয়ন কৰা ময়ূৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ কৰাৰ বিপৰীতে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ চূড়ান্ত বৰ্ষৰ ফলাফলত নগাঁৱৰ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ পৰা নৱম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ।

অফলাইন ক’চিং অবিহনেই ময়ূৰে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত পোন প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈ পঞ্চম স্থান দখল কৰি সমগ্ৰ অসমতেই আজি উছাহৰ বন্যা বোৱাইছে ৷

উল্লেখ্য যে, বৰ্তমান নগাঁও চহৰৰ আমোলাপট্টিৰ নাওবৈচা ফুকন পথত ভাড়াতীয়া হিচাপে থকা ময়ূৰৰ পিতৃৰ প্ৰকৃত ঘৰ নগাঁও চহৰৰ মিলনপুৰত । তেজপুৰৰ ডনবস্ক হাইস্কুলৰ প্ৰাক্তন ছাত্ৰজনৰ এই কৃতিত্বক সকলোৱে অভিনন্দন জনাইছে ৷

আনহাতে ইউ পি এছ চিৰ ফলাফলত অসমৰ ৭ জনকৈ সন্তান উজ্বলিল ইউ পি এছ চিত ৷ ফলাফলত শীৰ্ষৰ চাৰিটা স্থানত মহিলা। সৰ্বভাৰতীয় তালিকাৰ শীৰ্ষত ঈশিতা কিশোৰ। দ্বিতীয় স্থানত গৰিমা লহিয়া। তৃতীয় আৰু চতুৰ্থ স্থানত ক্ৰমে উমা হাৰাথি এন আৰু স্মৃতি মিশ্র।

উল্লেখ্যে যে অসমৰ সাত জনকৈ সন্তানে ইউ পি এছ চিত স্থান দখল কৰে। নগাঁৱৰ ময়ূৰ হাজৰিকাই পঞ্চম স্থান দখল কৰাৰ বিপৰীতে ২৭১ সংখ্যক স্থানত অঞ্জলি ভৰদ্বাজে, ২৯৮ সংখ্যক স্থানত মহম্মদ ইদুল আহমেদ,৬১৯ সংখ্যক স্থানত চৈলেমঠাং ভাইফাই। ৬৬৪ স্থানত ডিমা হাছাওৰ দিক্ষা লাংথাছা ৮৪৮ স্থানত নিবেদিতা দাস আৰু ৮৮১ স্থানত মানসজ্যোতি দাস।

Exit mobile version