Cacher Incident :কাছাৰত বাগ্‌সাৰ নবোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা

স্বামী-শহুৰৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ, আনন্দ বজাৰ বৰটাৰীৰ পিতৃগৃহত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

cacher

Cacher Incident :

কাছাৰৰ উধাৰবন্দত বাগ্‌সাৰ আনন্দ বজাৰৰ নবোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা ৷ বাগ্‌সাৰ শালবাৰীৰ আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত বৰটাৰীৰ বাসগৃহত আজি মৃতদেহ আহি পোৱাৰ পিছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷

সোমবাৰে নিশা বৰটাৰীৰ কৰিশ্মা তালুকদাৰক স্বামী,শহুৰে মিলি হত্যাৰ অভিযোগ কৰিশ্মাৰ পৰিয়ালৰ ৷ ইতিমধ্যে ঘটনাক লৈ বাগ্‌সাৰ শালবাৰীৰ বৰটাৰীত সৃষ্টি হৈছে চাঞ্চল্যৰ

উল্লেখ্য যে, মাত্ৰ চাৰিমাহ পূৰ্বে ৰঙিয়াৰ দেৱেন দাসৰ পুত্ৰ পল্লৱ দাসৰ সৈতে বিবাশপাশত আবদ্ধ হৈছিল বাগ্‌সাৰ বৰটাৰীৰ পিতৃহীনা কৰিশ্মা তালুকদাৰ ৷ বিবাহৰ কেইটামান দিন পিছতে কৰ্মসূত্ৰে কাছাৰৰ উধাৰবন্দত পত্নী, পিতৃৰ সৈতে ভাৰাঘৰত আছিল পল্লৱ দাস ৷

আজি কৰিশ্মাৰ মৃতদেহ বৰটাৰীৰ পিতৃ গৃহলৈ আহি পোৱাৰ পিছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে ৷ কৰিশ্মাৰ পৰিয়ালে উত্থাপন কৰা অভিযোগ অনুসৰি হত্যা কৰা হৈছে কৰিশ্মাক ৷

যিটোক আত্মহত্যাৰ ৰূপ দিছিল স্বামী পৰিয়ালে৷ উল্লেখ্য যে, ২২ মে অৰ্থাৎ সোমবাৰে নিশা কৰিশ্মাই বিহপান কৰি আত্মহত্যা কৰা বুলি পৰিয়ালক খবৰ দিছিল পল্লৱে ৷

কিন্তু উধাৰবন্দ আৰক্ষীয়ে চীপ লৈ আত্মহত্যা কৰা বুলি পৰিয়ালক জানিবলৈ দিয়াৰ পিছতে স্পষ্ট হৈ পৰে এয়া যে এক হতাকাণ্ডৰ ঘটনা ৷

ইফালে আজি কৰিশ্মাৰ মৃতদেহ পিতৃ গৃহত আহি পোৱাৰ পিছতে পল্লৱৰ ৰঙিয়াৰ পৰিয়ালৰ লোকো আহি উপস্থিত হৈ শোকত ভাগি পৰে কৰিশ্মাৰ পিতৃ গৃহত ৷

পৰিয়ালে জনোৱা অনুসৰি প্ৰায়েই মদ খাই মাতাল হৈ থকা আছিল পল্লৱ ৷ স্বামীৰ মৃত্যুৰ পিছত দুই কন্যাৰ সৈতে জীৱন অতিবাহিত কৰি যোৱা বছৰত দুয়োগৰাকী কন্যাৰ বিবাহ সম্পন্ন কৰিছিল মাতৃ বাসন্তী তালুকদাৰে ৷

কৰিশ্মাৰ পিতৃ পৰিয়ালে ঘটনাৰ উচিত তদন্ত কৰি দোষী পল্লৱ দাস আৰু পিতৃ দেবেন দাসৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে ৷ ইফালে আজি দিনৰ ভাগত নিজ পিতৃগৃহত নবোৱাৰী কৰিশ্মা তালুকদাৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷

Exit mobile version