Nazira Incident:নাজিৰাত গুপ্ত ধনৰ সন্ধানত বলি দিয়াৰ চেষ্টা যুৱতীক

মোচোৰা মুণ্ডা নামৰ ব্যক্তিজনৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ, যুৱতী গৰাকী কামলৈ যোৱাৰ পথতে আগচি ধৰিছিল লোকজনে

nazira

Nazira Incident:

নাজিৰাৰ বিহুবৰত অঘটন। গুপ্তধনৰ সন্ধানত নৰবলিৰ অপচেষ্টা চলোৱা সন্দৰ্ভত এজন ব্যক্তিৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ ৷ মোচোৱা মুণ্ডা নামৰ লোকজনৰ বিৰুদ্ধে এই অভিযোগ৷

ইতিমধ্যে ভীতিগ্রস্ত যুৱতীগৰাকীয়ে আৰক্ষীক অভিযোগ দিয়াৰ পাছত সকলো কথা পোহৰলৈ আহে ৷ আনহাতে এই ঘটনাৰ পাছৰে পৰা পলাতক আছে অভিযুক্ত মোচোৱা মুণ্ডা।

উল্লেখ্য যে, যুৱতীগৰাকীৰ মাতৃৰ হাতত মোচোৱা মুণ্ডা দিছিল দুইলাখ টকা ৷ পৰৱৰ্তী সময়ত কামলৈ যোৱাৰ পথতে আগচি ধৰিছিল যুৱতী গৰাকীক৷ কিন্ত যুৱতী গৰাকীয়ে চিঞৰ- বাখৰ কৰাত পলায়ন কৰে মোচোৱা মুণ্ডা ৷

আনহাতে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। আৰক্ষীয়ে অভিযুক্ত মোচোৱা মুণ্ডাক আটক কৰাৰ পাছতহেই পোহৰলৈ আহিব সমগ্ৰ ঘটনাৱলী ।

Exit mobile version