Bilasipara Murder:বিলাসীপাৰা চহৰত ভয়ংকৰ ঘটনা

অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে এজন ব্যৱসায়ীক

bilasipara

Bilasipara Murder:

বিলাসীপাৰা চহৰত ভয়ংকৰ ঘটনা ৷ চহৰখনৰ মাজমজিয়াৰ ৮ নম্বৰ ৱাৰ্ডত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে এজন ব্যৱসায়ীক |

বটেৰতল ভৈৰৱগঞ্জত নিশা সংঘটিত হয় এই ঘটনা | ঘৰৰ দুৱাৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি গুলীচালনা কৰে দুৰ্বৃত্তই | শোৱপাটীতে গুলীয়াই হত্যা কৰে প্ৰতিষ্ঠিত ব্যৱসায়ী বাছেৰ আলীক |

আনহাতে লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হোৱা পাছতে ক্ষোভত ফাটি পৰে স্থানীয়লোক৷২৪ ঘন্টাৰ ভিতৰত হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত বিলাসীপাৰা আৰক্ষী থানা ঘেৰাও ক্ষুব্ধ লোকে |

অৱশ্যে পাছত ঘটনাস্থলীত ধুবুৰী জিলা আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন উপস্থিত হৈ হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ আশ্বাস প্ৰদান কৰাত পৰিস্থিতি নিয়ন্ত্ৰণ হয় | আনহাতে ,হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত ইতিমধ্যে আৰক্ষীয়ে সোধ- পোছৰ বাবে আটক কৰে তিনিজন লোকক |

Exit mobile version