Bollywood Actor Ashish Vidyarthi Marriage:অসমৰ জোঁৱাই হ’ল বলিউডৰ প্ৰখ্যাত অভিনেতা আশিস বিদ্যার্থী

ফেশ্বন উদ্যোগী ৰূপালী বৰুৱাৰ সৈতে কলকাতা ক্লাৱত বিবাহপাশত

ashish 1

Bollywood Actor Ashish Vidyarthi Marriage:

অসমৰ জোঁৱাই হ’ল বলিউডৰ বিশিষ্ট অভিনেতা আশিস বিদ্যার্থী। প্ৰতিষ্ঠিত ফেশ্বন উদ্যোগী ৰূপালী বৰুৱাৰ সৈতে বৃহস্পতিবাৰে কলকাতা ক্লাৱত বিবাহপাশত আবদ্ধ বলীউডৰ প্ৰখ্যাত অভিনেতাজন।

পৰিয়াল তথা ঘনিষ্ঠ বন্ধুৰ উপস্থিতিত অনুষ্টুপীয়াকৈ সম্পন্ন হয় বিবাহ খন। গুৱাহাটীৰ ৰূপালী কৰ্মসূত্ৰে থাকে কলকাতাত। ৰূপালীয়ে বগা মেখেলা চাদৰ পিন্ধাৰ বিপৰীতে আশিস বিদ্যাৰ্থীক কেৰালাৰ পোছাক মুণ্ডু পিন্ধা আৰু ডিঙিত লোৱা দেখা গ’ল অসমীয়াৰ স্বাভিমান গামোচা৷

কেৰালাত জন্মগ্ৰহণ কৰা বিশিষ্ট অভিনেতাগৰাকীয়ে তেলেগু, মালায়ালম,তেলেগুৰ ওপৰিও হিন্দী চিনেমাত বহু বছৰ ধৰি নিজৰ সুদক্ষ অভিনয়েৰে চলচিত্ৰ প্ৰেমীৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

বৃহস্পতিবাৰে অনুষ্টুপীয়াকৈ আয়োজন কৰা বিয়াৰ অন্তত নৱ-বিবাহিত দম্পত্তিক বিবাহ সাজত ফটোৰ বাবে প’জ দিয়ে ।

Exit mobile version