Kharkhuli Pipe line Blast:মহানগৰীত খাৰখুলিত অঘটন !

পানাীৰ পাইপ ফুটি ভয়ংকৰ ঘটনা , পানীৰ প্ৰচণ্ড সোঁতে উটুৱাই লৈ গ'ল মহিলাক

kharkhuli 2

Kharkhuli Pipe line Blast:

গুৱাহাটীৰ খাৰঘুলী জয়পুৰত পানীৰ পাইপ ফাটি অভাৱনীয় পৰিস্থিতি ৷ পাহাৰ সদৃশ পানীৰ ঢৌ।পানাীৰ পাইপ ফুটি ভয়ংকৰ ঘটনা। পানীৰ প্ৰচণ্ড সোঁতে উটুৱাই লৈ গ’ল মহিলাক। ধুমুহাৰ দৰে পানী ৰাজপথত, মানুহৰ ঘৰে ঘৰে পানী। এক অৰ্থত কল্পনা কৰিব নোৱাৰা এক পৰিবেশ পানীৰ পাইপ ফুটি যোৱাৰ ফলত ।

পানীৰ প্ৰচণ্ড কোবত এফালৰ পৰা ভাঙি নিয়ে কেইবাটাও বাসগৃহ৷ প্ৰাপ্ত খবৰ অনুসৰি এই পৰ্যন্ত ৪০ টাকৈ ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে এই পৰ্যন্ত আহত হৈছে ৩০ জনকৈ লোক ৷ আনহাতে নিহত হৈছে দুজন লোক।

গেমন জাইকাৰ মেইন লাইন পাইপত ভয়ংকৰ বিস্ফোৰিত হোৱাৰ ফলতে দুৰ্ঘটনাটি সংঘটিত হয় ৷পাইপৰ পানী বিস্ফোৰিত হৈ বহু ওপৰলৈ উঠি অহাৰ ফলত ৰাজপথেৰে গৈ থকা কেইবাখনো বাহনৰো ক্ষতিগ্ৰস্ত হোৱাৰ ৰাজপথেৰে গৈ থকা বাহন কে’বা খনো বহু দূৰত চিটিকি পৰে।

আনহাতে স্থানীয় লোকে আহতসকলক উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে। ইফালে এই ঘটনাৰ পাছতে বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘটনাস্থলীত উপস্থিত উদ্ধাৰৰ বাবে উপস্থিত হয় এছ ডি আৰ এফ বাহিনীৰ লোক ৷

Exit mobile version