Eviction In Orang National Park :ওৰাং ৰাষ্ট্ৰীয় উদ্যানত প্ৰসাশনৰ উচ্ছেদৰ প্ৰস্তুতি

২৯ মে’ৰ পৰা ৩১ মে’লৈ চলিব উচ্ছেদ, দৰঙৰ প্ৰায় ১২খন সৰু-বৰ চৰত চলিব প্ৰশাসনৰ বুলড'জাৰ

orang national park

Eviction In Orang National Park:

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বেদখলমুক্ত কৰাৰ বাবে জিলা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি ৷ শোণিতপুৰ আৰু দৰংৰ বেদখলকাৰীৰ দখলত থকা অভয়াৰণ্য খনৰ ২১ হেজাৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে ইতিমধ্যে ২৪০০ হেজাৰ আৰক্ষী-অধ্ সামৰিক বাহিনী সাজু কৰি তুলিছে প্ৰশাসনে ৷

ইতিমধ্যে দৰং জিলা প্ৰশাসনে জাৰি কৰিছে উচ্ছেদৰ জাননী ৷ প্ৰাপ্ত খবৰ অনুসৰি দৰঙত প্ৰায় ১২ খন সৰু- বৰ চৰত চলিব বুল’ডজাৰ ৷ আনহাতে উচ্ছেদৰ পূৰ্বে অন্য স্থানলৈ ঢাপলি মেলিছে বহু পৰিয়াল ৷

উচ্ছেদিতৰ অনুৰোধমৰ্মে দহখনকৈ নাঁৱৰ ব্যৱস্থা কৰি দিছে প্ৰশাসনে ৷ এই নাঁৱৰ জৰিয়তে উচ্ছেদিত লোক সকলে নিজৰ লামলাকটি লৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ৷

উল্লেখ্য যে,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে দৰং আৰু শোণিতপুৰৰ আৰক্ষী বিভাগ আৰু জিলা প্ৰশাসনৰ বিষয়া আৰু বন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত অংশ গ্ৰহণ কৰে।

বৃহৎ উচ্ছেদৰ বাবে বিভাগীয় পৰ্যায়ৰ পৰিস্থিতি আৰু প্ৰস্তুতিৰ বুজ লৈছিল। এজন জ্যেষ্ঠ বিষয়াৰ মতে,”মুখ্যমন্ত্ৰীয়ে আইন-শৃংখলা পৰিস্থিতিত কোনো ধৰণৰ ব্যাঘাত নোহোৱাকৈ এই অনুশীলন সম্পন্ন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত বিভিন্ন বিভাগৰ মাজত শান্তিপূৰ্ণ ভাৱে অনুশীলন পৰিচালনাৰ প্ৰচেষ্টাৰ সমন্বয়ৰ বাবে এক বিতং আলোচনা অনুষ্ঠিত হয়।

মনকৰিবলগীয়া যে,ওৰাং ৰাষ্ট্ৰীয় উদ্যান ৰাজ্যখনৰ দৰং আৰু শোনিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত।
ইয়াক ১৯৮৫ চনত অভয়াৰণ্য হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল আৰু ১৯৯৯ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। উদ্যানখনৰ এলেকা ৭৯.২৮ বৰ্গ কিলোমিটাৰ।

স্মতৰ্ৱ্য যে, চলিতবৰ্ষৰ ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে শোনিতপুৰ জিলাৰ বুঢ়া-চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত এক বৃহৎ উচ্ছেদ অভিযান চলাইছিল। কমেও ২,৫০০ পৰিয়ালক উচ্ছেদ কৰাৰ বিপৰীতে প্ৰায় ১,৮৯২ হেক্টৰ ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰা হৈছিল।

উল্লেখ্য যে, দেওবাৰৰ বৈঠকত মুখ্যমন্ত্ৰী গৰাকীয়ে জিলা প্ৰশাসনক বুঢ়া- চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা উচ্ছেদ কৰা লোকসকলৰ পুনৰ্সংস্থাপন প্ৰক্ৰিয়াৰ চোৱাচিতা কৰিবলৈ নিৰ্দেশ দিয়ে বিভাগীয় বিষয়াক।

Exit mobile version