Imaran khan Party Gen Secy Resign:এইবাৰ ইমৰানৰ দলৰ সাধাৰণ সম্পাদক উমৰে দিলে ইস্তফা

pak

Imaran khan Perty Gen Secy Resign:

পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী আৰু পাকিস্তান তেহৰিক ই ইনছাফৰ (পিটিআই)মুৰব্বী ইমৰান খানৰ সংকট অধিক বুদ্ধি পালে। দৰাচলতে ইমৰানৰ অন্যতম সহযোগী তথা পিটিআইৰ জ্যেষ্ঠ নেতা আছদ উমৰে আজি দল ত্যাগ কৰে ৷

উল্লেখ্য যে,যোৱা ন মে’ত ইমৰান খানক গ্ৰেপ্তাৰৰ পাছতে দেশজুৰি পিটিআইৰ সদস্যই সৃষ্টি কৰা হিংসাত্মক ঘটনাৰ সন্দৰ্ভত পাকিস্তান চৰকাৰে তদন্ত অব্যাহত ৰখাৰ সময়তে আজি উমৰে পিটিআই ত্যাগৰ কথা ঘোষণা কৰিলে।

উমৰে পিটিআইৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বুধবাৰে উমৰে অডিয়ালা কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পাছতে তেওঁ পিটিআইৰ সাধাৰণ সম্পাদক আৰু মুখ্য সমিতিৰ সদস্যৰ পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল।

Exit mobile version