Nagaon Tankeswar Saikia:মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দেখুৱালে মৰিকলঙৰ টংকেশ্বৰ শ‍ইকীয়াৰ পৰিয়ালে

নিজৰ সন্তান-নাতি-নাতিনীৰ দৰেই পঢ়াই শুনাই মেট্ৰিক পাছ কৰালে কাৰ্বি আংলংৰ ৰাজুক

HSLC

Nagaon Tankeswar Saikia:

মানৱীয়তাৰ উৎকৃষ্ট নিদর্শন দেখুৱালে নগাঁও চহৰৰ মৰিকলঙৰ টংকেশ্বৰ শ‍ইকীয়াৰ পৰিয়ালে। যিটো সময়ত একাংশ তথাকথিত সম্ভ্রান্ত পৰিয়ালৰ লোকে এটি শিশু লগুৱা বুলিলেই অত্যন্ত কামৰ বোজা, সৰু কথাতেই খং-ৰাগ, চৰ- লাথিৰে তেওঁলোকৰ শৈশৱ আৰু কৈশোৰ দুর্বিষহ কৰি তুলিছে সেই সময়তে মৰিকলঙৰ শ‍ইকীয়া পৰিয়ালে ইয়াৰ বিপৰীতে মৰম-চেনেহৰ মাজেৰে নিজৰ নাতি-নাতিনীৰ দৰে তুলি তালি ডাঙৰ-দীঘল কৰাৰ লগতে পঢ়াই শুনাই মেট্ৰিক পাছ কৰালে কাৰ্বি আংলঙৰ ভকচংৰ ৰাজু চেনাৰ নামৰ ল’ৰাটিক।

ADVERTISEMENT

একেবাৰে কণমানি অৱস্থাতে অসমীয়া ভাষাটো শিকাৰ স্বাৰ্থতে আন এজন বয়স্কৰ লগত গুৱাহাটী পাইছিল গৈ ৰাজু চেনাৰ পাছত ঘটনাক্রমে গুৱাহাটী মহানগৰীত থিতাপি ল’ব নোৱাৰি নগাঁৱলৈ আহি অনাই-বনাই ঘুৰি ফুৰোতে এদিন চহৰৰ কোনো এক স্থানত লগ পালে মৰিকলং নিৱাসী টংকেশ্বৰ শ‍ইকীয়াৰ বৰপুত্ৰ ৰাজকমল শ‍ইকীয়া (পাপু) ই।

তেতিয়া প্রথমে ঘৰৰ ইটো-সিটো সৰু-সুৰা ঘৰুৱা কামতে লগাব বুলি কণমানি ল’ৰাটোক নিজৰ ঘৰলৈ লৈ আনিলে তেওঁ। তাৰ পাছৰখিনি এক মিঠা স্মৃতি মাথোঁ। ভকচংৰ এটি অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃ বাৰিক চেনাৰ আৰু মাতৃ কাবেই ক্ৰপিৰ তৃতীয় সন্তান ৰাজুক পিতৃ-মাতৃৰ বন্ধনেৰে সাবটি ল’লে।

পিছলৈ তাৰ ব্যৱহাৰত সুখী হৈ ওচৰৰে টাউন কছলুখোৱা নিম্ন বুনিয়াদী বিদ্যালয়ত নামটো লগাই দিলে মৰিকলং নিৱাসী টংকেশ্বৰ শ‍ইকীয়াৰ পৰিয়ালে। সেই ৰাজু বছৰ বাগৰি যোৱাৰ লগে লগে সদ্য ঘোষিত মেট্ৰিকৰ ফলাফলত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ দুই পৰিয়াললৈ আনন্দৰ লহৰ বোৱাই কলেজীয়া জীৱনৰ পাতনি মেলিবলৈ গৈছে।

গান গাই, গিটাৰ বজাই ভাল পোৱা ৰাজু সম্পৰ্কত দ্বিতীয় পিতৃ-মাতৃ টংকেশ্বৰ শ‍ইকীয়া আৰু বস্তি শ‍ইকীয়াই কয়, “সি পঢ়িম বুলি ভবালৈকে আমিও পঢ়াই থাকিম বুলি ভাবিছো আৰু সি আমাক নেৰিলে তাকো আমি নেবো বুলি ভাবিছো ।

এতিয়া সকলো তাৰ ওপৰতেই নিৰ্ভৰ কৰিব। সি পঢ়ি-শুনি এদিন ভাল মানুহ হ’ব পাৰিলেই আমি সুখী হ’ম।’ সমগ্ৰ মৰিকলং অঞ্চলৰ ৰাইজে এই আদর্শ দম্পতীৰ দায়িত্ববোধক একমুখে শলাগ লৈছে।

Exit mobile version