kalgachia School :কলগাছিয়াৰ বিদ্যালয়ত পাঠদান চলি থকাৰ সময়তে অঘটন

মজিয়া ভাঙি পাঁচ ফুট তলত সোমাল শিক্ষার্থী , আঠ ছাত্রী আহত

balagaon high school

kalgachia School:

এমএছডিপি আঁচনিৰ ঠিকাদাৰে ছাত্র-ছাত্রীৰ জীৱনক লৈ হেতালি খেলা পৰিলক্ষিত হৈছে বৰপেটা জিলাৰ বালাগাঁও হাইস্কুল। ঠিকাদাৰ প্রদীপ চন্দ্ৰ দাসৰ নিম্নমানৰ কামৰ বাবেই শুক্ৰবাৰে পাঠদান চলি থকাৰ মাজতেই শ্ৰেণীকোঠাৰ মজিয়া ভাঙি
পাঁচ ফুট গাতত সোমাই আহত হয় আঠ গৰাকী ষষ্ঠ শ্রেণীৰ ছাত্রী।

এই ঘটনা সংঘটিত হোৱাৰ লগে বিদ্যালয়খনত এক হুৱাদুৱা পৰিস্থিতিৰ হোৱাৰ লগতে ছাত্র – ছাত্ৰীৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰে।

লগে লগে বিদ্যালয় কর্তৃপক্ষই আহত ছাত্রীকেইগৰাকীক চেনীমাৰী ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্রত ভর্তি কৰে বুলি সদৰী কৰিছে বিদ্যালয় খনৰ প্ৰধান শিক্ষক মজিবৰ ৰহমানে।

উল্লেখ্য যে প্রদীপ চন্দ্র দাস নামৰ ঠিকাদাৰজনে এমএছডিপি আঁচনিৰ অধীনত ১৬.৭২ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা শ্ৰেণী কোঠাৰ কাম ২০১৯৩ সম্পূর্ণ হয়, যদিও আজি মজিয়া ভাঙি পৰাত কামৰ নমুনা উদঙাই দিছে।

এই নিম্নমানৰ কামৰ বাবে ঠিকাদাৰৰ লগতে দায়িত্ববাহী অভিযন্তাৰ দায়িত্বহীন কাণ্ডৰ বাবেই এই ঘটনা সংঘটিত হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত বিভাগীয় কর্তৃপক্ষ তথা বৰপেটা জিলা প্রশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ’ব লক্ষ্যণীয়।

Exit mobile version