Sania Mirza:অৱসৰৰ পাছত নতুন ৰূপত অনুৰাগীৰ মাজলৈ আহিব ছানিয়া

sania mirza

Sania Mirza:

ইতিমধ্যে টেনিছৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ছানিয়া মির্জাই । ২০ বছৰ ধৰি ভাৰতীয় টেনিছক বিশ্বৰ দৰবাৰত উপনীত কৰোৱা ছানিয়া এতিয়া প্রাক্তন খেলুৱৈ

ADVERTISEMENT

আগন্তুক দিনত তাৰকাগৰাকীক কোনো গ্রেও শামত খেলা দেখা নাযাব। তথাপি ৩৬ বছৰীয়া ছানিয়াক নতুন ৰূপত গ্রেণ্ড শ্লাম প্রতিযোগিতাত দেখা পোৱা যাব। আগন্তুক ফ্রেন্স অপেনত ছানিয়াক দেখা যাব ধাৰাভাষ্যকাৰৰ ৰূপত ।

এই কথা সদৰী কৰি দেশৰ সৰ্বকালৰ শ্ৰেষ্ঠ মহিলা টেনিছ খেলুৱৈগৰাকীয়ে কয়, ‘সমর্থকসকলে এইবাৰ মোক আন ধৰণে চিনিব। ইমান বছৰে কেৱল খেলুৱৈ হিচাপে দেখি আহিছে ।

এইবাৰ তেওঁলোকে মোক বেলেগ ৰূপত দেখা পাব। টেনিছ খেলা সকলো সময়তে অত্যন্ত প্রত্যাহ্বানজনক; কিন্তু ধাৰাভাষ্য দিয়াৰ মাজতো এক অতিৰিক্ত উত্তেজনা আছে।

আশাকৰো ম‍ই ধাৰাভাষ্য দিয়াৰ ফলত আৰু তৰুণ প্রতিভাই টেনিছ খেলিবলৈ আগ্রহী হ’ব। তেওঁলোকে ভাৰতীয় টেনিছক আগুৱাই নিব।’ উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে ছানিয়াই টেনিছৰ পৰা অৱসৰ গ্ৰহণ কৰে।

Exit mobile version