Drugs Paddler Arrest In Boko:বকোত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

চৈধ্যটাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ

drugs 2

Drugs Paddler Arrest In Boko :

বকো সমষ্টিত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহ। বিভিন্ন প্ৰান্তত বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰকে আৰম্ভ কৰি কিশোৰ,যুৱকসকল যতে ততে ড্ৰাগছ সেৱন কৰাটো সহজ লক্ষ্য হৈ পৰা দেখা গৈছে। এনে সময়তে বকোৰ সোণতলীৰ জাঁওকাটাত আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা লগতে। উদ্ধাৰ কৰে চৈধ্যটাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবৰাহকাৰীজন নাম জয়নাল আবদিন(৪৪) বুলি জানিব পৰা গৈছে।

বকো আৰক্ষীৰ অভিযানত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় জয়নাল আবদিনক। মনকৰিবলগীয়া যে,ড্ৰাগছ সৰবৰাহকাৰী জয়নাল আবদিনৰ পিতৃ অসম আৰক্ষীত কৰ্মৰত। ছয়গাঁৱৰ জোৰশিমলু আৰক্ষী চকীত কৰ্মৰত ময়নুল হকৰ পুত্ৰ জয়নাল আবদিন।

আজি মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে এজাহাৰ দাখিল কৰে বকো আৰক্ষী থানাত। U/S-21(b) of NDPS act ত গ্ৰেপ্তাৰ কৰা হয় ড্ৰাগছ সৰবৰাহকাৰী জনক। দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহকাৰীৰ চক্ৰ ৰ লগত জড়িত থকাৰ অভিযোগ। বকো আৰক্ষী থানাৰ পৰা আজি জেল হাজোতলৈ প্ৰেৰণ ড্ৰাগছ সৰবৰাহকাৰীজনক।

Exit mobile version