Earthquake In Assam :পুৱাই ভূমিকম্প ৰাজ্যত, একেলগে অনুভূত হ’ল দুটাকৈ জোকাৰণি

eartquke

Earthquake In Assam :

ৰাজ্যত পুৱাই  কঁপাই গ’ল দুটাকৈ ভূমিকম্পৰ জোকাৰণিয়ে । গুৱাহাটী মহানগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত দুটাকৈ ভূমিকম্পৰ জোকাৰণিৰ অনুভূত হয় পুৱা ৮.০৪ বজাত । প্ৰায় ৩০ ছেকেণ্ডৰ ব্যৱধানত একেলগে দুটাকৈ ভূমিকম্পৰ জোকাৰণিৰ অনুভূত হয় ।
ৰিখটাৰ স্কেলত ভূঁইকঁপৰ প্ৰাবল্য আছিল ৪.৪। আনহাতে ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ জিলা।  ভূমিকম্পৰ ফলস্বৰূপে কোনো ক্ষয়–ক্ষতিৰ খবৰ অহা নাই এই পৰ্যন্ত।

Exit mobile version