Jalukbari Accident: মাজনিশা জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

প্ৰাণ হেৰুৱালে ৭ জনকৈ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰই

jalukbari acciden1

Jalukbari Accident:

মহানগৰীৰ জালুকবাৰীত মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৷ শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে সাতজনকৈ যুৱকে ৷

প্ৰাপ্ত খবৰ অনুসৰি , সাত যুৱক অহা দ্ৰুতবেগী স্কৰপিঅ’ বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ডিভাইদাৰত । পৰৱৰ্তী সময়ত ডিভাইদাৰৰ পৰা নিলগত ৰৈ থকা এখন বলেৰ’ পিক আপ ভানক দ্বিতীয়টো প্ৰচণ্ড খুন্দা মাৰে স্কৰপিঅ’খনে । ফলস্বৰূপে স্কৰপিঅ’খনত থকা ৭ জনকৈ যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হয় ।

প্ৰাপ্ত খবৰ অনুসৰি,ছাত্ৰকেইজনে অত্যধিক সুৰাপান কৰিছিল ৷ স্কৰ’ৰ্পিঅত উদ্ধাৰ হৈছে সুৰাৰ বটল ৷

উল্লেখ্য যে,নিহত যুৱক কেইজন জালুকবাৰীস্থ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ আছিল । সাত যুৱকৰ ভিতৰত গুৱাহাটীৰ অৰিন্দম ভোৱাল আৰু নিয়ৰ ডেকা, শিৱসাগৰৰ কৌশিক মোহন, নগাঁওৰ উপাংশু শৰ্মা, মাজুলীৰ ৰাজ কিৰণ ভূঞা, ডিব্ৰুগড়ৰ ইমন বৰুৱা আৰু মঙলদৈৰ কৌশিক বৰুৱা ।

আনহাতে দুৰ্ঘটনাটি সংঘটিত হোৱাৰ পাছত দুৰ্ঘটনাস্থীত উপস্থিত হোৱা আৰক্ষীয়ে সদৰি কৰা মতে, ডিভাইদাৰৰ পাছত ৰৈ থকা ডি আই পিকআপ ভেনত আহি খুন্দা মাৰিছিল স্কৰপিঅ’খনে । ধ্বংসপ্ৰাপ্ত স্কৰপিঅ’খনৰ অৱস্থাৰ পৰা সহজেই অনুমেয় যে তীব্ৰ গতিত আছিল বাহনখন ।

এই শোকাৱহ পথ দুৰ্ঘটনাৰ পাছতে শোকত মিয়ম্ৰাণ হৈ পৰিছে নিহত যুৱক কেইজনৰ পৰিয়ালবৰ্গ ৷ নিহত সকলৰ ভিতৰত এগৰাকী হ’ল মঙলদৈৰ কৌশিক কুমাৰ বৰুৱা । মঙলদৈ চহৰৰ জ্যোতিনগৰৰ ভৱজ্যোতি বৰুৱা আৰু ৰূপালী বৰুৱাৰ পুত্ৰ কৌশিক ৷ কৌশিক গুৱাহাটী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ আছিল ।

মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি এই শোকাৱহ পথ দুৰ্ঘটনাত নিহত সম্ভাৱনাময় যুৱক কেইজনৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জনায় ৷ আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে দুপৰীয়া দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে ৷

আনহাতে আজি পুৱা ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং দুৰ্ঘটনাস্থীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু দুৰ্ঘটনাৰ তদন্ত ঘোষণা কৰে ৷ ডি জি পি সিঙে সাংবাদিকৰ জৰিয়তে যানবাহন চালক আৰু আৰোহীলৈ কাতৰ আহ্বান গাড়ী চলাওঁতে যেন কোনেও সুৰাপান নকৰে ৷

ইপিনে,যুৱক কেইজনৰ নশ্বৰদেহ জি এম চি এইছলৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে নিয়াৰ পাছতে নিহত ছাত্ৰ কেইজনৰ শোকদগ্ধ পৰিয়ালবৰ্গ ইতিমধ্যে উপস্থিত হৈছে জি এম চি এইছত ৷ এক শোকাকুল পৰিবেশ বিৰাজ কৰে চিকিৎসালয় চৌহদত ৷

Exit mobile version