Dhamdhama :ধমধমা আৰক্ষীৰ সফলতা, মানসিক বিকাৰগ্ৰস্ত মহিলা ধৰ্ষণ কাণ্ড অভিযুক্তক বঙাইগাঁওৰ গ্ৰেপ্তাৰ

dhamdham 1

Dhamdhama :

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত ধমধমা আৰক্ষী চকীৰ সমীপত যোৱা ১৯ মে’ৰ নিশা এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলাক উপৰ্যুপৰি ধৰ্ষণ কৰি পলায় থকা ধমধমাৰে এইগৰাকী মাংস বেপাৰী চোহৰাব আলীক (৫১)আৰক্ষীয়ে আজি পুৱতি নিশা বঙাইগাঁওৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ‍্য যে এই চৰম লজ্জাজনক ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল এখন দোকানৰ চি চি টিভি কেমেৰাত৷ঘটনা পোহৰলৈ অহাৰ পিছৰ পৰাই আত্মগোপন কৰি আছিল অভিযুক্ত চোহৰাব আলীয়ে।

জানিব পৰা মতে ধমধমা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰোহিত কুমাৰ ছেত্ৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে ৫০ উৰ্ধৰ লম্পট তথা ধৰ্ষণকাৰীক চোহৰাবক গোপন সুত্ৰৰ পম খেদি পুৱতি নিশা ধমধমা আৰক্ষীয়ে বঙাইগাঁওত কৰায়ত্ত কৰে।

৫০ উৰ্ধৰ ব্যক্তিৰ এনে কু-কৰ্মই নাক কাটিছে ধমধমা বাসীক৷ইতিমধ্যে ধমধমা আৰক্ষী চকীয়ে ধৰ্ষণকাৰী চোৰহাবক দুদিনৰ বাবে আৰক্ষীৰ জিন্মত ৰাখিছে ।

ইফালে ধমধমা অঞ্চলৰ বিভিন্ন দল-সংগঠনে ধৰি ধমধমা আঞ্চলিক ছাত্ৰ সন্থাই ধৰ্ষণকাৰীক চৰকাৰ তথা প্ৰশাসনে উচিত শাস্তি দিয়া দাবী কৰাৰ লগতে ধমধমা আৰক্ষীৰ এনে সফলতাত ধন্যবাদ জ্ঞাপন কৰিছে ।

Exit mobile version