Nagaon Dulal Bora:’মোক এনকাউণ্টাৰ কৰক !

বুকুত উচ্চতম ন্যায়ালয়ৰ ৰায়দান আঁৰি নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ গড়কাপ্তানি বিভাগৰ এজন কৰ্মচাৰীৰ

dulal bora

Nagaon Dulal Bora:

‘মোক এনকাউণ্টাৰ কৰক’ ৷ বুকুত উচ্চতম ন্যায়ালয়ৰ ৰায়দান আঁৰি নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ লোক নিৰ্মাণ বিভাগৰ এজন জ্যেষ্ঠ কৰ্মচাৰীৰ ৷

বিগত ৩৫ টাকৈ বছৰ চাকৰি কৰিও চাকৰি নিয়মীয়াকৰণ নোহোৱাত ক্ষোভিত হৈ আজি দুলাল বৰাই এইদৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি সকলোৰে মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷

নগাঁও জিলা আৰক্ষী অধীক্ষকৰ নগাঁও চহৰস্থ কাৰ্যালয়ৰ সন্মুখত হাতত ত্ৰিৰংগা লৈ বুকুত উচ্চতম ন্যায়ালয়ৰ ৰায়দান আঁৰি চৰকাৰী পক্ষই বিগত দিন বিলাকত তেওঁক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অহাৰ প্ৰতিবাদত আজি এইদৰে প্ৰতিবাদ বিক্ষোভ প্ৰদৰ্শন কৰে আজি শাখা সহায়ক হিচাপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা দুলাল বৰাই ৷

উল্লেখ্য যে,নগাঁৱৰ সকলোৰে বাবে শিশুবন্ধু ৰূপে জনাজাত দুলাল বৰাই ১৯৮৭ চনতেই তেতিয়াৰ গড়কাপ্তানী বিভাগত মাষ্টাৰৰোল কৰ্মী হিচাপে যোগদান কৰি পৰৱৰ্তী সময়ত ১৯৯৫ ত শাখা সহায়ক হিচাপে পদোন্নতি পাইছিল ৷

কিন্ত দুৰ্ভাগ্যজনক যে, সুদীৰ্ঘ ৩৬ টাকৈ বছৰে চৰকাৰী সেৱা আগবঢ়োৱা কৰ্মচাৰী গৰাকীয়ে পেঞ্চন সহ আন আন চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হয় ৷

বুধবাৰে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী গৰাকীয়ে ইতিপূৰ্বেই পেঞ্চন সহ অন্য সুবিধা সমূহৰ বাবে নগাঁও লোক নিৰ্মাণ বিভাগৰ জৰিয়তে যাৱতীয় নথি-পত্ৰ সমূহ লোক নিৰ্মাণ বিভাগৰ গুৱাহাটীস্থ মুখ্য অভিযন্তা কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল যদিও নাহিল কোনো সুদত্তৰ ৷

নিজৰ প্ৰাপ্য পেঞ্চন আদিৰ পৰা বঞ্চিত হৈ আগন্তুক দিনত কিদৰে জীৱনৰ অৱসৰকালীন সময়ছোৱা অতিবাহিত কৰিব তাৰে আশংকাত ক্ষোভিত হৈ আজি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি দুলাল বৰাৰ নগাঁও আৰক্ষী অধীক্ষকলৈ কাতৰ আহ্বান , মোক এনকাউণ্টাৰ কৰক আৰক্ষীয়ে ৷

মনকৰিবলগীয়া যে,দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ইতিপূৰ্বে এক ৰায়দানত কৈছিল যে,৩০ বছৰ অধিক কাল দেশৰ সেৱা আগবঢ়োৱা প্ৰতিজন চৰকাৰী কৰ্মচাৰী পেঞ্চন দিয়াৰ ব্যৱস্থা কৰক চৰকাৰে ৷ কিন্ত ন্যায়ালয়ৰ সেই ঐতিহাসিক ৰায়দান প্ৰযোজ্য কৰা নহ’ল দুলাল বৰাৰ ক্ষেত্ৰত ৷

নগাঁৱৰ সচেতন মহলৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান ,দুলাল বৰাক তেওঁৰ প্ৰাপ্য পেঞ্চনৰ দিহা কৰক ৷

Exit mobile version