Reshuffle In Nagaon Police:নগাঁৱৰ আৰক্ষীত পুনৰ ব্যাপক ৰদবদল

১৩জনকৈ অ'চি-আই'চিক বদলি

nagaon sp office

Reshuffle In Nagaon Police:

নগাঁও আৰক্ষীত ব্যাপক ৰদবদল ৷ জিলা খনৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নৱনীত মহন্তই যোগদান কৰাৰ পাছতেই জিলাখনৰ কে’বা খন থানাৰ অ’চিৰ ৰদবদল নিৰ্দেশনা জাৰি কৰে ৷

জিলা খনৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নৱনীত মহন্তই যোগদান কৰাৰ পাছতেই জিলাখনৰ কে’বা খন থানাৰ অ’চিৰ ৰদবদল নিৰ্দেশনা জাৰি কৰে ৷ সেই অনুসৰি জখলাবন্ধাৰ অ’চি পৱন কলিতাক কামপুৰলৈ বদলি

উলুৱনীৰ অ’চিক খাটোৱাললৈ ৷ ধিং থানাৰ অ’চি ৰাজা ইছাকক কচুৱা থানালৈ ,চামগুৰিৰ অ’চিক ধিং থানালৈ,জাজৰিৰ অ’চিক উলুৱনী থানাললৈ, জুৰিয়াৰ অ’চি মুন্না পাচনিক জখলাবন্ধা থানালৈ,ৰূপহীহাটৰ অ’চি ফিৰোজ দলেক লাওখোৱা চাপৰিলৈ ,ৰহাৰ অ’চি সম্প্ৰীতি হাজৰিকাক জাজৰি থানালৈ ,কামপুৰ থানাৰ অ’চি মণিৰাম কলিতাক ৰহা থানালৈ বদলি কৰা হয় ৷

আনহাতে, লাওখোৱা বুঢ়াচাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মিতু দাসক জুৰীয়া থানালৈ,বাগৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অজিত সোণোৱালক নগাঁৱৰ ইটাচালি টাউন আৰক্ষী চকীলৈ , ননৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিভূতি থাপাক মৰিকলঙ আৰক্ষী চকীলৈ বদলি কৰাৰ বিপৰীতে বেবেজিয়া আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীৱ লাহনক বাগৰি আৰক্ষী চকীলৈ বদলি কৰা হয় ৷

Exit mobile version