Guwahati Medical College Revoked:কেন্দ্ৰীয় চৰকাৰে বাতিল কৰে ৪০ খনকৈ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি

স্বীকৃতি বাতিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় আৰু ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ

gmch

Guwahati Medical College Revoked:

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ নিয়ম নমনাৰ বাবে ভাৰতৰ ৪০ খন চিকিৎসা মহাবিদ্যালয়ৰ লগতে অসমৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় আৰু ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল কৰে কেন্দ্ৰীয় চৰকাৰে ৷ ইয়াৰ লগে লগে ডেৰ শতাধিকৰো অধিক চিকিৎসা মহাবিদ্যালয়ে নেচনেল মেডিকেল কাউন্সিলৰ স্বীকৃতি হেৰুওৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, প্রয়োজনীয় ফেকাল্টি নথকাত এন এম চিৰ এই সিদ্ধান্ত। তদুপৰি যি সমূহ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হৈছে সেই সমূহত বহু আঁসোৱাহ পোৱা গৈছে।

মনকৰিবলগীয়া যে,ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ ইউজি বোৰ্ডে এই চিকিৎসা মহাবিদ্যালয় সমূহ পৰিদৰ্শন কৰি বহু ত্ৰুটি ধৰা পেলাইছিল। ইয়াৰ পাছতে স্বীকৃতি বাতিলৰ সিদ্ধান্ত লৈছিল ৩০ মে’ত ৷ স্বীকৃতি বাতিল হোৱা মেডিকেল কলেজ থকা ৰাজ্য সমূহ হ’ল অসম,পশ্চিমবংগ,তামিলনাডু,পুণ্ডুচেৰী, গুজৰাট,পঞ্জাৱ, অন্ধ্ৰপ্ৰদেশ, ত্ৰিপুৰা ৷

উল্লেখ্য যে, যি সমূহ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হৈছে ৷ সেই মহাবিদ্যালয় কেইখনৰ কৰ্তৃপক্ষই আৱেদন কৰাৰ বিকল্প আছে।কৰ্তৃপক্ষই আগন্তুক ৩০ দিনৰ ভিতৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় চিকিৎসা আয়োগত পুনৰ আবেদন কৰিব পাৰিব ৷

আনহাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে স্বীকৃতি বাতিল কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷জি এম চি এইছৰ অধীক্ষক ডা: অভিজিত শৰ্মাই কয় যে, ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে (এন এম চি) পৰিদৰ্শনৰ বাবে প্ৰতিবছৰে মানুহ পঠিয়ায়।

এইবাৰো এন এম চিৰ দল এটা পুনৰ আকস্মিকভাৱে পৰিদৰ্শনৰ বাবে আহিছিল চলিতবৰ্ষৰ ২৩ জানুৱাৰীত ৷ কিন্ত উক্ত দিনটো ৰাষ্ট্ৰীয় বন্ধ আছিল ৷ সেই বন্ধদিনতে পৰিদৰ্শন কৰে ততাতৈয়াভাৱে ৷ জি এম চি এইছৰ অধীক্ষক গৰাকীয়ে আৰু কয় যে,অভিযোগ আহিব পাৰে এন এম চিৰ পৰা ৷ ইতিমধ্যে আমি তেওঁলোকে দিয়া অভিযোগ পঢ়ি শুনি তাৰ যথোচিত উত্তৰ দিছো ৷

Exit mobile version