Maligaon Fly Over Fire:মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা গেটত অঘটন !

নিৰ্মীয়মান উৰণীয়া সেতুৰ তলত অগ্নিকাণ্ড

maligaon

Maligaon Fly Over Fire:

মহানগৰীৰ সদাব্যস্ত মালিগাঁওৰ কামাখ্যা গেইটত শুক্ৰবাৰে দুপৰীয়া হঠাতে  লাগে হুৱাদুৱা  ৷ মালিগাঁৱস্থ নিৰ্মাণধীন উৰণীয়া সেঁতুৰ তলত ৱেল্ডিঙৰ কাম চলি থাকোতেই সংঘটিত হয় অগ্নিকাণ্ড

পাছত উৰণীয়া সেঁতুৰ নিৰ্মাণৰ কামত নিয়োজিত কৰ্মচাৰীৰ তৎপৰতাত জুই নিৰ্বাপন হয় ৷ উল্লেখ্য যে,অগ্নিকাণ্ডৰ সময়ত নিৰ্মিয়মান সেঁতুৰ কাষেদি বহু যান-বাহন আৰু পথচাৰী আহযাহ কৰি আছিল ৷ সৌভাগ্যক্ৰমে কোনো ক্ষয়ক্ষতি নোহোৱাকৈ ৰক্ষা পৰে যান-বাহন আৰু পথচাৰী ৷

Exit mobile version