Tezpur:প্ৰচণ্ড গৰমে দহিছে ৰাজ্য !

তেজপুৰত বিদ্যালয়ত ঢলি পৰিল ১০ গৰাকীকৈ শিক্ষাৰ্থী, হাস্পতালত ভৰ্তি অসুস্থ শিক্ষাৰ্থীক

tezpur

Tezpur:

ভয়ংকৰ গ্ৰীষ্ম প্ৰৱাহত অতিষ্ঠ জনসাধাৰণ ৷ গ্ৰীস্মকালৰ আগমনৰ লগে লগে অতিপাত গৰমে দহিছে ৰাজ্যৰ সৰ্বত্ৰে ৷ ভয়ংকৰ গ্ৰীষ্ম প্ৰৱাহত অতিষ্ঠ হৈ পৰিছে জনসাধাৰণ ৷

আনহাতে কেবাদিন ধৰি উৎকট গৰমে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যহত কৰি থকাৰ মাজতে তেজপুৰত গৰমৰ বাবে ঢলি পৰিল বিদ্যালয়ৰ কেইজনমান ছাত্ৰ-ছাত্ৰী ৷

চহৰ খনৰ পৰুৱাস্থ শোণিতপুৰ জাতীয় বিদ্যালয়ত আজি প্ৰচণ্ড গৰম সহ্য নোৱাৰি এঘাৰ গৰাকীকৈ ছাত্ৰ–ছাত্ৰী হঠাৎ হৈ পৰে অসুস্থ ৷ অসুস্থ হৈ পৰা আটাইকেইগৰাকী শিক্ষাৰ্থীকে ততাতৈয়াকৈ বিদ্যালয়ৰে সমীপস্থ সুখদা হাস্পতাল আৰু গেট হাস্পতালত ভৰ্তি কৰা হয় ৷

চিকিৎসালয় খনৰ চিকিৎসকে সদৰি কৰা মতে,অতিমাত্ৰা গৰমৰ বাবেই শিক্ষাৰ্থী সকল অসুস্থ হৈ পৰিছিল ৷ সম্প্ৰতি আটায়ে সুস্থ ৷ শীৰ্ঘেই আটায়ে গৃহাভিমুখী হ’ব পাৰিব বুলি উল্লেখ কৰে চিকিৎসকে ৷

উল্লেখ্য যে ,বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা বতৰৰ আগজাননী অনুসৰি আজি দিনটোত তেজপুৰত সৰ্বোচ্চ তাপমাত্ৰা ৩৭ ডিগ্ৰী চেলচিয়াছ হোৱাৰ বিপৰীতে গুৱাহাটী মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা ৩৮ ডিগ্ৰী চেলচিয়াছ ৷

উৎকট গৰমে আগন্তুক কেইবাদিনো দহিব ৰাজ্যৰ লগতে মহানগৰী বাসীক । যাৰবাবে উৎকট গৰমে অসম সহ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰি থকাৰ মাজতে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ২৪ ঘণ্টাত বৰষুণ নহয় বুলি সদৰী কৰি শুক্ৰবাৰৰ দিনটোত গৰমৰ মাত্ৰা অধিক হ’ব বুলি জানিব দিয়ে ।

বিগত বছৰ বোৰতকৈ চলিতবৰ্ষৰ মে’-জুন মাহত তুলনামূলক ভাবে বৰষুণৰ মাত্ৰা কম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আকাশত মেঘাচন্ন নোহোৱাৰ বাবে সৌৰজগতৰ ৰশ্মি পোনপটীয়াকৈ পৰাৰ বাবে এই উৎকট গৰমৰ সৃষ্টি হয় বুলি বতৰ বিজ্ঞানীয়ে জানিবলৈ দিয়ে ।

Exit mobile version