CID Interrogation:এছ আই জোনমণি ৰাভা মৃত্যু ঘটনা

মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা আভাজ্যোতি ৰাভাক চি আই ডিৰ জেৰা

abhajyoti rabha

CI D Interrogation:

বহুচৰ্চিত এছ আই জোনমণি ৰাভা মৃত্যু ঘটনাৰ স’তে সাঙোৰ খাই পৰা নগাঁৱৰ হয়বৰগাঁও নগৰ আৰক্ষী চকীৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাক আজি চি আই ডিয়ে গুৱাহাটীস্থ সদৰ কাৰ্যালয়ত মাৰাথন জেৰা কৰে ৷

চি আই ডি অফিচত হাজিৰ হোৱাৰ চমন পোৱাৰ পাছতে আজি ৰাভাই দুপৰীয়া ভাগত চি আই ডি কাৰ্যালয়ত হাজিৰ হয় ৷ একেদৰে হাজিৰ হয় আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাও ৷ অৱশ্যে দুই আৰক্ষী বিষয়াক জেৰা অব্যাহত ৰাখিছে চি আই ডিৰ তদন্তকাৰী বিষয়াই ৷

উল্লেখ্য যে,জোনমণি ৰাভা দুৰ্ঘটনাত মৃত্যু হোৱাৰ সময়ত আভাজ্যোতি ৰাভা জোনমণিৰ বাহন খনত মজুত আছে বুলি জোনমণিৰ মাতৃয়ে জখলাবন্ধা থানাত দিয়া এজাহাৰত আভাৰ নাম উল্লেখ কৰিছিল ৷

আনহাতে,এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ পাছতে ডি জি পিৰ পৰামৰ্শমৰ্মে অসম চৰকাৰে চি বি আইক গোচৰটো হস্তান্তৰ কৰিছিল যদিও আজি পৰ্যন্ত চিবিআই – এ আৰম্ভ কৰা নাই তদন্ত ৷ দিন বাগৰাৰ লগে লগে যেন অতীত হ’বলৈ গৈ আছে জোনমণি মৃত্যু ঘটনা ৷ এই মন্তব্য সচেতন মহলৰ ৷

Exit mobile version