H S.Result:কলা,বিজ্ঞান শাখাত পুনৰ উজ্জ্বলি উঠিল নগাঁৱৰ ৰামানুজন

শিক্ষানুষ্ঠানখনৰ সংকল্পজিত , নিখিলেশ শীৰ্ষত, গুৱাহাটীৰ বৰ্ষা, সংযুক্তাৰ বাণিজ্য শাখাত শীৰ্ষত

hs result sankalpa

H S.Result:

আজি ন বজাত ঘোষিত হোৱৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা আৰু বিজ্ঞান শাখাৰ শীৰ্ষ স্থান দখল কৰিছে নগাঁৱৰ ঐতিহ্যমণ্ডিত ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ে।

বিদ্যালয় খনৰ কলা শাখাত সংকল্পজিত শইকীয়াই ৫০০ নম্বৰৰ ভিতৰত ৪৯০ নম্বৰ লাভেৰে শীৰ্ষ স্থান লাভ কৰে ৷ কৃতী শিক্ষাৰ্থীজনৰ শতকৰ হাৰ ৯৮ শতাংশ। আনহাতে বিজ্ঞান শাখাতো বিদ্যালয় খনৰে নিখিলেখ দত্তই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়।

মনকৰিবলগীয়া যে, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শীৰ্ষ ১০ টা স্থানৰ এঘাৰজনেই ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থী। সেই অনুসৰি বিজ্ঞান শাখাত ৰামানুজনৰ পৰা স্থান লাভ কৰা সকল ক্ৰমে প্ৰথম স্থানত নিখিলেশ দত্ত,
দ্বিতীয় স্থানত অৰীজিত ৰয়, বিশ্বজ্যোতি দাস, ঋষভ উপাধ্যায়,তৃতীয় স্থানত প্ৰাৰ্থনা প্ৰিয়ম শইকীয়া,চতুৰ্থ স্থানত সত্যজিত কামান,ষষ্ঠ স্থানত ভাৰ্গভ শিবম, সপ্তম স্থানত বিকাশ জ্যোতি চহৰীয়া,অষ্টম স্থানত শতৰুপা বৰকাকতি,দশম স্থানত কৃষ্ণা ডেকা আৰু অভিলাশা হিমাশ্ৰী দাস।

ইপিনে বাণিজ্য শাখাত প্ৰথম স্থান লাভ কৰিছে দুগৰাকীকৈ শিক্ষাৰ্থীয়ে। মহানগৰীৰ কেচি দাস কমাৰ্চ কলেজৰ বৰ্ষা বথ্ৰা আৰু মলয়াবাৰী চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সংযুক্তা কুমাৰে যুটীয়াভাৱে শীৰ্ষস্থান দখল কৰে। দুয়ো গৰাকী শিক্ষাৰ্থীৰ মুঠ নম্বৰ ৪৭২।

আজি ন বজাৰ লগে লগে ঘোষণা কৰা হয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। টুইটযোগে এই কথা সদৰি কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। কেইবাটাও ৱেবছাইটত উপলব্ধ কৰা হয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল

ৱেবছাইটকেইটা- ahsec.assam.gov.in
http:/www.indiaresults.com/, http:/www.assamjobalerts.com/
iresults.net, examtech.com, http:/www.assmresults.co.in/

http:/www.results.siksha/, http:/www.assamresults.in/,
আনহাতে iresults.in ত ফলাফল উপলব্ধ হয় । উল্লেখ্য যে,৩,৪২,৬৮৯ গৰাকী শিক্ষাৰ্থী উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ।

ইয়াৰে ২,৭২,৫২৯ গৰাকী কলা শাখাৰ বিপৰীতে বিজ্ঞান শাখাত ৪৭,৪৮৫ গৰাকী আৰু বাণিজ্য শাখাত ২০,৯০৭ গৰাকী পৰীক্ষাত অৱৰ্তীৰ্ণ হৈছিল ৷ ৰাজ্যৰ ৮৫৬টা কেন্দ্রত অনুষ্ঠিত হৈছিল পৰীক্ষা।

Exit mobile version