Biswajit Daimary:অসম বিধানসভাৰ অধ্যক্ষ দৈমাৰীৰ চৰকাৰী আৱাসত ২২টা এ চি !

চৰকাৰী খৰচত পূজাস্থলীৰ পৰা নিৰাপত্তাৰক্ষীৰ কোঠালৈকে ব্যৱহাৰ হয় বাতানুকূল যন্ত্র, উৎকট গৰমত বিদ্যুতৰ মাচুল ৰাহি কৰিবলৈ ৰাইজক পৰামৰ্শ দিছিল গছৰ তলত বহিবলৈ, ৰাজ্যজুৰি বিৰূপ প্ৰতিক্ৰিয়া

biswajit daimary

Biswajit Daimary:

এফালে গৰমে দহিছে আৰু আনফালে বিদ্যুৎ মাচুল বাঢ়িছে। বিদ্যুৎ বিভাগৰ বিৰুদ্ধে জনতাৰ ক্ষোভ অব্যাহত থকাৰ মাজতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে দিয়া পৰামৰ্শক কেন্দ্ৰ কৰি ৰাজ্যজুৰি বিৰূপ প্রতিক্রিয়া অব্যাহত আছে।

বিদ্যুৎ ৰাহি কৰি উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ অসম বিধানসভাৰ অধ্যক্ষ দৈমাৰীয়ে ৰাজ্যবাসীক ফেন বন্ধ কৰি গছৰ তলত বহিবলৈ পৰামৰ্শ আগবঢ়াইছিল। দৈমাৰীৰ এই পৰামৰ্শ অনুসৰিয়েই যোৱা কেইদিনত বহুলোকে গছৰ তলত জিৰণি লোৱা ছবি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে ; কিন্তু বিদ্যুৎ ৰাহি কৰি গছৰ তললৈ যাবলৈ ৰাইজক পৰামৰ্শ আগবঢ়োৱা অধ্যক্ষ দৈমাৰীয়ে তেওঁৰ চৰকাৰী আৱাসত ২২ টা বাতানুকূল যন্ত্র (এ চি) ব্যৱহাৰ কৰি সুখৰ দিন অতিবাহিত কৰিছে।

বিদ্যুতৰ মাচুল বৃদ্ধিৰ ক্ষেত্ৰত জনতাক সকাহ দিয়া তথা সমাধান সূত্ৰ উলিওৱাৰ বিপৰীতে টুলুঙা মন্তব্য কৰা অধ্যক্ষ দৈমাৰীয়ে এই উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ নিজে কিদৰে দিন অতিবাহিত কৰিছে সেয়া ‘দৈনিক অগ্রদূত’ৰ অনুসন্ধানত পোহৰলৈ আহিছে ।

উল্লেখ্য যে জলবায়ুৱে পূৰ্বৰ তুলনাত এইবাৰ কিছু পলমকৈহে মৌচুমীৰ আগমন ঘটিব বুলি ইতিপূর্বে বতৰ বিজ্ঞানীসকলে সম্ভাৱনা ব্যক্ত কৰিছিল যদিও প্রায় স্বাভাৱিক সময়তে দক্ষিণ-পশ্চিম মৌচুমীয়ে অসমত প্ৰৱেশৰ ক্ষণ গণনা আৰম্ভ কৰিছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই  সদৰী কৰা তথ্য মতে, প্রচণ্ড গৰমৰ মাজতে অসমবাসীলৈ সকাহ কঢ়িয়াই আজি নিশাৰে পৰা পাতলীয়া বৰষুণ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

সদ্যহতে সাত-আঠ মিলিমিটাৰ পৰ্যন্ত বৰষুণৰ সমান্তৰালকৈ ৰাজ্যৰ ঠায়ে ঠায়ে আকৌ ধুমুহা-বৰষুণৰো আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্রই। উল্লেখ্য যে বিগত কেইদিনৰ দৰে আজিও ৰাজ্যত তাপমাত্রই অভিলেখ সৃষ্টি কৰে। গুৱাহাটীত আজি পাৰাস্তম্ভ উর্ধ্বমুখী হৈ ৩৯ ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰাৰ উপক্ৰম ঘটে।

অৱশ্যে প্রচণ্ড গ্রীষ্ম প্রবাহে ৰাজ্যৰ সৰ্বত্ৰ প্রাত্যহিক জনজীৱন অতিষ্ঠ কৰি তোলাৰ সময়তে গুৱাহাটীত আজি বিয়লি ধৰালৈ নামি আহে পাতলীয়া বৰষুণ। একে সময়তে বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননীয়েও মহানগৰবাসীক কিছু সকাহ দিয়ে।

উল্লেখ্য যে সমগ্ৰ ৰাজ্যজুৰি প্ৰচণ্ড গ্রীষ্ম প্ৰবাহৰ সমান্তৰালকৈ বিদ্যুতৰ সঘন কৰ্তনেও ৰাজ্যবাসীক অতিষ্ঠ কৰি তোলে। স্বাভাৱিকতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এপিডিচিএলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে জনতা । লক্ষ্যণীয় যে যোৱা সোমবাৰে লামডিঙত তাপমাত্ৰাৰ হাৰে অভিলেখ সৃষ্টি কৰিছিল।

চহৰখনৰ তাপমাত্রা উর্ধ্বগামী হৈছিল ৩৯.৪ ডিগ্রী চেলচিয়াছলৈ । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ গৱেষক ড: সঞ্চয় অ’ নেইল শ্বই সদৰী কৰা মতে, বৃহস্পতিবাৰৰ পৰা মৌচুমীৰ আগমনৰ সূত্ৰে উৎকট গৰমৰ পৰা অসমবাসীয়ে সকাহ পাব যদিও তাপমাত্রা অতি নিম্ন হোৱাৰ সম্ভাৱনা ক্ষীণ।

তেওঁ লগতে কয় যে বিগত প্রায় এটা সপ্তাহত ৰাজ্যখনত সহিব নোৱৰা গৰমৰ মূলতে আছিল আকাশত মুঠেও মেঘ নথকাটো।

পুৱা সূর্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে প্ৰখৰ ৰ’দৰ বাবে তাপমাত্ৰাৰ হাৰ ক্ৰমাৎ উর্ধ্বমুখী হৈছিল। অৱশ্যে দক্ষিণ-পশ্চিম মৌচুমীয়ে অসমত প্ৰৱেশৰ বাবে অগ্ৰসৰ হোৱাৰ সূত্রে বিগত এটা পষেকত ৰাজ্যখনত সৃষ্টি হোৱা প্ৰচণ্ড গ্রীষ্ম প্রবাহ তুলনামূলকভাবে হ্রাস পোৱাটো স্পষ্ট হৈ উঠিছে ।

আনহাতে মহানগৰীত এপষেক দিন ধৰি অব্যাহত থকা উৎকট গৰমৰ মাজতে বৃহস্পতিবাৰে দুপৰীয়া অহা এজাক মুষলধাৰ বৰষুণে শাত পেলাই গুৱাহাটী মহানগৰবাসীক ৷

Exit mobile version