Cm Himanta Viswa Sarma:গছপুলি ৰোপনেৰে বিশ্ব অভিলেখ গঢ়াৰ দিশে অসম

এটা গছপুলি ৰোপন কৰিলে লাভ কৰিব পাৰে ১০০ ৰ পৰা ২০০ টকা !

cm1

Cm Himanta Viswa Sarma:

 গছপুলি ৰোপনেৰে বিশ্ব অভিলেখ গঢ়াৰ দিশে অগ্ৰসৰ ৰাজ্য। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, দুই অক্টোবৰৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদি ৰাজ্য চৰকাৰৰ উদ্যোগত সমগ্ৰ ৰাজ্যতে এক কোটি গছপুলি ৰোপন কৰা হ’ব ৷

পুৱা ন বজাৰ পৰা এঘাৰ বজাৰ ভিতৰত ৰাজ্যৰ সৰ্বত্ৰে গছপুলি ৰোপন কাৰ্যসূচী সম্পন্ন কৰা হ’ব। আনহাতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে গছপুলিটো প্ৰতিপালন কৰাৰ বাবে চৰকাৰে প্ৰতিগৰাকী ব্যক্তিকেই দিব ১০০ টকাকৈ এককালীন মাননি। আনহাতে গছপুলিটো জোপা তিনিবছৰলৈ জীয়াই থাকিলে অতিৰিক্তভাবে দুশ টকা উপহাৰ হিচাপে দিয়া হ’ব বৃক্ষৰোপণ কৰা ব্যক্তিজনক৷

উল্লেখ্য যে আজি ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু সহধৰ্মিনী তথা ৰাজ্যৰ প্ৰথম মহিলা অনিতা কাটাৰিয়াৰ উপস্থিতিত কামৰূপ জিলাৰ চানডুবি অঞ্চলত অমৃত গছপুলি ৰোপণ অনুষ্ঠানত অংশ লৈছিল মুখ্যমন্ত্ৰী গৰাকী ৷

এই উপলক্ষে আয়োজিত জনসভাত অংশগ্ৰহণ লৈ মুখ্যমন্ত্ৰীয়ে দুই অক্টোবৰত এক কোটে গছপুলি ৰোপণৰ বৃহৎ কাৰ্যসূচীৰ কথা ভাষণত সদৰি কৰে ৷

মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয়, বন্যপ্ৰাণী সংৰক্ষণ আৰু বন্যপ্ৰাণীৰ প্ৰাকৃতিক বাসস্থানসমূহ সুৰক্ষিত কৰাৰ দিশত আমাৰ চৰকাৰে বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে ৷

আজিৰ এই গছপুলি ৰোপণেৰে চানডুবিৰ সৌন্দৰ্যত কেৱল নতুন মাত্ৰা সংযোজন কৰাৰ লগতে সেউজ আৰু বহনক্ষম ভৱিষ্যতৰ বীজ ৰোপণ কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে ৷  স্থানীয় প্ৰজাতিৰ গছ যেনে শাল, শিলিখা, ভোমোৰা, আমলখি, কঁঠাল, এজাৰ, জামুক, কদম, সোণাৰু আদিয়ে এই অঞ্চলটোৰ নান্দনিক সৌন্দৰ্য বৃদ্ধি কৰিব বুলিও প্ৰকাশ কৰে।

ৰাজ্যৰ মুঠ ভৌগলিক অঞ্চলৰ বনভূমি ৩৬ শতাংশৰ পৰা ৩৮ শতাংশলৈ বৃদ্ধি কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা ৰখাৰ কথাও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে ৷

অনুষ্ঠানত ৰাজ্যৰ কেবিনেট মন্ত্ৰীসকলৰ লগতে সাংসদ আৰু বিধায়ক সকলৰ লগতে শীৰ্ষ বিষয়াসকলে প্ৰায় ৫০০টাতকৈও অধিক গছপুলি ৰোপণ কৰে।

অনুষ্ঠানতে ‘প্রাকৃতিক কৃষিৰ দিশত এখোজ’ শীর্ষক এখন সহায়িকা পুথি আৰু Rare and threatened plant species of Assam শীৰ্ষক পুস্তিকা উন্মোচন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

গছ থাকিলেহে মানুহ থাকিব ৷ এই মহান উক্তি সৰোগত কৰি ৰাজ্য চৰকাৰৰ উদ্যোগত ৰাজ্যৰ সৰ্বত্ৰে বৃক্ষৰোপণ দৰে বৃহৎ কাৰ্যসূচী সচাঁকৈয়ে প্ৰশংসনীয় যদিও এই খিনিতে প্ৰশ্ন হয়, গছপুলি ৰোপণ কৰি পৰৱৰ্তী সময়ত কোনো কানষাৰ নিদিয়াৰ ফলত পুলি তাতে মৰহি যাব নে পুলিটোৰ প্ৰতি দায়িত্ব অব্যাহত থাকিব ৷ সেইয়া আগন্তুক দিনত অৱশ্যেই হ’ব লক্ষণীয়।

Exit mobile version