Elon Musk:এদিনতে পুনৰ ৭.৩৬ বিলিয়ন ডলাৰ উপাৰ্জন মাস্কৰ, ২১৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি সম্পত্তি

elon musk

Elon Musk:

সাম্প্ৰতিক সময়ৰ বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি এলন মাস্কৰ সম্পত্তিৰ পৰিমাণ কালি পুনৰ যথেষ্ট বৃদ্ধি পালে। ব্লুমবর্গ বিলিয়নাৰ ইনডেক্সৰ তথ্য অনুসৰি, বৃহস্পতিবাৰে মাস্কৰ সম্পত্তিৰ পৰিমাণ ৭.৩৬ বিলিয়ন ডলাৰ অর্থাৎ ভাৰতীয় মুদ্ৰাত প্রায় ৬০,৬৮৮ কোটি টকা বৃদ্ধি পালে ।

ADVERTISEMENT

সম্প্রতি পাকিস্তানত যি পৰিমাণৰ বৈদেশিক মুদ্রা ভাণ্ডাৰ জমা আছে, সমপৰিমাণৰ ধন মাস্কে এদিনতে উপাৰ্জন কৰিলে। নতুন সম্পত্তি বৃদ্ধিৰ জৰিয়তে টেছলা, স্পেচ এক্স আৰু টুইটাৰৰ মুৰব্বী মাস্কৰ মুঠ সম্পত্তিৰ পৰিমাণ বৃহস্পতিবাৰে ২১৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি পালে ।

বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত বর্তমানে প্রথম স্থানত আছে মাস্ক। ইফালে, এই তালিকাত দ্বিতীয় স্থানত থকা ফৰাচী ব্যৱসায়ী বার্নার্ড আর্ণষ্ট্ৰৰ সম্পত্তিও বৃহস্পতিবাৰে ২.২১ বিলিয়ন ডলাৰ বৃদ্ধিৰে ১৮৯ বিলিয়ন ডলাৰ হ’ল।

Exit mobile version