Guwahati Accident Update : গণেশগুৰিৰ দুৰ্ঘটনাৰ সন্দৰ্ভত জাইকাৰ ঠিকাদাৰী প্ৰতিষ্ঠান এ কে কনষ্ট্ৰাকচনৰ চুপাৰভাইজাৰ পাৰিজাত শইকীয়াক আটক

parijat

Guwahati Accident Update :

বৃহস্পতিবাৰে গণেশগুৰিত সংঘটিত হোৱা দুৰ্ঘটনাত এগৰাকী একাদশ শ্ৰেণীৰ মেধাৱী ছাত্ৰী নিহত হোৱাৰ সন্দৰ্ভত এ কে কনষ্ট্ৰাকচনৰ মেনেজাৰ বালাজীক শুক্ৰবাৰে মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত আজি প্ৰতিষ্ঠানটোৰ চুপাৰভাইজাৰ পাৰিজাত শইকীয়াক চতিয়াৰ পৰা আটক কৰে ৷

গণেশ মন্দিৰ চ’কৰ দিছপুৰ বিধায়ক আবাসৰ সমীপত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাৰ পাছতে দিছপুৰ থানাত ৰুজু হৈছিল এক গোচৰ। এই গোচৰৰ ভিত্তিত আটক কৰা হৈছে চুপাৰভাইজাৰজনক।

ইতিমধ্যে আটকাধীন পাৰিজাত শইকীয়াক চতিয়াৰ পৰা গুৱাহাটী আৰক্ষীয়ে আটক কৰি গুৱাহাটীলৈ আনিছে অধিক জেৰাৰ বাবে।

Exit mobile version