Half Price Of Fuel : আধা হ’ল ইন্ধনৰ মূল্য, ভাৰতত উর্ধ্বমখী

আন্তর্জাতিক বজাৰত পুনৰ হ্ৰাস পালে খাৰুৱা তেলৰ মূল্য, ৰাজনৈতিক মুনাফা আদায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পেট্রল-ডিজেলৰ মূল্য হ্ৰাসৰ সম্ভাৱনা, নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত খাৰুৱা তেলৰ মূল্য হ্ৰাস পালেও ভাৰতত কমা নাই পেট্ৰ'ল-ডিজেলৰ মূল্য : সৰৱ কংগ্ৰেছ

fual Price

Half Price Of Fuel :

সন্মুখত আছে লোকসভা নির্বাচন। সদ্যঘোষিত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনত লোকসভা নিৰ্বাচনৰ পূৰ্বে ইন্ধনৰ কংগ্ৰেছৰ বৃহৎ সাফল্যই ২০২৪ৰ মূল্যত প্ৰভাৱ পেলাব নেকি ? ভাৰতত হ্রাস পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য ? বিশ্বৰ বজাৰত পুনৰ খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিততে এই প্রশ্ন চৰ্চিত হৈছে। ইন্ধনৰ মূল্যৰ স’তে ৰাজনৈতিক সমীকৰণে গা কৰি উঠিছে।

ADVERTISEMENT

মনকৰিবলগীয়া যে বিগত এবছৰত বিদেশৰ পৰা আমদানি কৰা খাৰুৱা তেলৰ মূল্য বহু পৰিমাণে হ্রাস পালেও ভাৰতৰ বজাৰত হ্ৰাস পোৱা নাই পেট্ৰ’ল-ডিজেলৰ মূল্য। বিগত সময়ছোৱাত এই ইন্ধনৰ মূল্য বিভিন্ন সময়ত ক্রমবর্ধিত হৈ থকাত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যও আকাশলংঘী হৈছে।

এবছৰ পূৰ্বে প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য আছিল ১২০ ডলাৰ। সম্প্ৰতি ইয়াৰ মূল্য ৭০ ডলাৰলৈ হ্ৰাস পাইছে। এইদৰে খাৰুৱা তেলৰ মূল্য হ্রাস পালেও ভাৰত চৰকাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰা নাছিল যদিও সম্প্রতি কেন্দ্রীয় চৰকাৰৰ সূত্ৰত প্ৰকাশ যে তিনিটা ৰাজহুৱা খণ্ডৰ তৈল সংস্থাই পেট্রল- ডিজেলৰ মূল্য হ্ৰাস কৰিব পৰা পৰ্যায়ত উপনীত হৈছে।

এই তিনিটা ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীয়ে পেট্রল-ডিজেলৰ খুচুৰা মূল্য হ্ৰাস কৰিব পাৰে। ইয়াৰ বাবে তেওঁলোকে কিছুদিন অপেক্ষা কৰিব। এই কোম্পানীকেইটাই অর্থনৈতিক বিপর্যয়ৰ গৰাহৰ পৰা মূৰ দাঙি থিয় হ’বলৈ সক্ষম হৈছে।

বিগত ত্রিমাসিকত এই কোম্পানীকেইটাই ভাল সুফল পাইছে আৰু তিনিমাহৰ পাছত পৰিস্থিতি একে থাকিলে মূল্য হ্ৰাস কৰিব পৰা সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰত প্ৰকাশ। অর্থাৎ এপ্ৰিলৰ পৰা জুনলৈ তিনিমাহত সুফল লাভ কৰিলে কোম্পানী তিনিটাই তেলৰ মূল্য হ্ৰাস কৰিব বুলি প্ৰকাশ পাইছে।

এই ভাষাৰ সমান্তৰালভাৱে ৰাজনৈতিক মহলত অব্যাহত থকা চৰ্চা অনুসৰি সন্মুখত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিততে কেন্দ্রীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ সম্ভাৱনা আছে। মন কৰিবলগীয়া যে চলিত বৰ্ষৰ মে’ত ভাৰতলৈ আমদানি কৰা খাৰুৱা তেলৰ ৪৫ শতাংশই ৰাছিয়াৰ পৰা সস্তা মূল্যতে অনা হৈছে।

অথচ দেশৰ বজাৰত তেলৰ মূল্য হ্ৰাস পোৱা নাই। এবছৰ পূৰ্বে নৰেন্দ্ৰ মোদী চৰকাৰে পেট্ৰ’লৰ আঠ টকা আৰু ডিজেলত ছয় টকা শুল্ক হ্রাস কৰিছিল। তাৰ পাছৰে পৰা শুল্কও হ্ৰাস কৰা নাই।

সম্প্রতি পুনৰ বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছে। এইবাৰ ভাৰতৰ বজাৰত তাৰ কিবা প্ৰভাৱ পৰিব নে নাই সেয়া লক্ষ্যণীয় হ’ব। কিয়নো ২০২৪ ৰ লোকসভা নির্বাচন। চৰ্চা অনুসৰি এই পৰিস্থিতিত ৰাজনৈতিক মুনাফা আদায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে পেট্রল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ সম্ভাৱনা আছে।

চৰকাৰী সূত্ৰই দাবী কৰে যে পূৰ্বতে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্য হ্রাস পালেও ৰাজহুৱা খণ্ডৰ তৈল সংস্থাসমূহে মূল্য হ্রাস কৰিব পৰা নাছিল। কিয়নো এই কোম্পানীসমূহে খাৰুৱা তেল আমদানি কৰোতে লোকচানৰ সন্মুখীন হৈছিল। এতিয়া সেই ক্ষতিপূৰ্ণ হোৱা বুলিও চৰকাৰৰ সূত্ৰৰ দাবী।

বিত্ত মন্ত্ৰণালয়ৰ সূত্ৰত প্রকাশ যে বিগত দুটা ত্রিমাসিকত চাহিদা হ্রাস পাবলৈ ধৰিছে। ইন্ধনৰ মূল্য কমিলে চাহিদা বৃদ্ধি হৈ অৰ্থনীতি শক্তিশালী হ’ব পাৰে বুলিও একাংশ বিশ্লেষকে মন্তব্য কৰে।

ইপিনে, বিৰোধী কংগ্ৰেছৰ অভিযোগ অনুসৰি ২০১৪ৰ পৰা ২০২৩লৈ মোদী চৰকাৰৰ কাৰ্যকালত অপৰিশোধিত তেলৰ দাম বেৰেলত এশ ডলাৰৰ পৰা ৭০ ডলাৰলৈ হ্ৰাস পাইছে অথচ প্রতি লিটাৰ পেট্ৰ’লৰ মূল্য ৭০ টকাৰ পৰা বৃদ্ধি হৈ এশ টকাৰ ঘৰ স্পৰ্শ কৰিছে। ইপিনে, ডিজেলৰ মূল্য ৫৫ টকাৰ পৰা বৃদ্ধি হৈ ৯৫ চুইছে।

Exit mobile version