Taxas Turns Into Small India :ক্ষুদ্ৰ ভাৰতত পৰিণত টেক্সাছ

দুগুণ বৃদ্ধি ভাৰতীয় মূলৰ নাগৰিক

Taxas Turns Into Small India :

আমেৰিকাৰ দক্ষিণ ৰাজ্য টেক্সাছ সম্প্রতি ক্ষুদ্ৰ ভাৰতত পৰিণত হৈছে । আমেৰিকাৰ উত্তৰ আৰু পূবৰ ৰাজ্য নিউৱর্ক, ৱাশ্বিংটন, বষ্টন আৰু চিকাগোৰ পৰা ভাৰতীয় মূলৰ লোকে টেক্সাছলৈ আহি নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে।

মাত্র ১০ বছৰৰ ভিতৰত টেক্সাছৰ ভাৰতীয় মূলৰ লোকৰ সংখ্যা দুগুণ বৃদ্ধি পালে । ২০১০ বৰ্ষত টেক্সাছত ২.৩ ভাৰতীয় লোকে বসবাস কৰিছিল।

২০২০ টেক্সাছত বসবাস কৰা ভাৰতীয় লোকৰ সংখ্যা ৪.৫০ লাখলৈ বৃদ্ধি পাইছিল। ভাৰতীয়ৰ জনসংখ্যা বুদ্ধিৰ লগতে টেক্সাছ ব্যবসায়িক কাম-কাজতো ভাৰতীয়ৰ আধিপত্য বাঢ়িছে।

তথ্য অনুসনি সম্প্রতি টেক্সাছত ২০ শতাংশ ব্যবসায়-বাণিজ্য ভাৰতীয় মূলৰ লোকৰ হাতত আছে। বিশেষকৈ টেক্সাছত প্রযুক্তি, বিদ্যালয়, বিত্তীয়, সংস্কৃতি আৰু ৰাজনীতিতো ভাৰতীয়ৰ বিশেষ প্রভাৱ স্পষ্ট হৈছে।

টেক্সাছত বসবাস কৰা ভাৰতীয় লোকসকলৰ সৰহ সংখ্যকে হৈছে কলেজীয়া ডিগ্ৰীধাৰী ৷ চহৰৰ অর্ধেকাংশ ভাৰতীয় বিভিন্ন পেছাদাৰী বিষয়ৰ ডিগ্ৰীধাৰী।

Exit mobile version