Panchayat President arrested:গ্ৰেপ্তাৰ হল পঞ্চায়তৰ সভাপতি  তিনি 

Screenshot 2023 06 18 14 12 11 00 6012fa4d4ddec268fc5c7112cbb265e7

Panchayat President arrested:গ্ৰেপ্তাৰ হল পঞ্চায়তৰ সভাপতি  তিনি

বজালীৰ হাঠিনাপুৰ পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ নামত লাখ লাখ টকা লুন্ঠন

গ্ৰেপ্তাৰ হল পঞ্চায়তৰ সভাপতি সম্পাদক সহ তিনি গৰাকী লোক ll প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ নামত লাখ লাখ টকা লুন্ঠন ।।

সোধ পোছৰ বাবে সৰুপেটা থানাত আটক এজন ll

প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নিৰ্মিয়মান ঘৰৰ বিপৰীতে আন ফটো দেখুৱাই হিতাধিকাৰীক 20/30 হাজাৰ টকা দি বাকী ধন লুন্ঠন কৰিছিল সভাপতি হাছেন আলি য়ে ll

ভবানীপুৰ খণ্ড উন্নয়ন বিষয়া ভৱানী পেগুৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষী য়ে সভাপতি হাছেন আলি সহ আন দুজনক গ্ৰেপ্তাৰ কৰিছে ll

আন দুজন হল – সম্পাদক বৃষ্টিৰাম দৈমাৰী, সমন্বয়ক মিৰ হুছেইন ll

ইতিমধ্যে কৰ সংগ্ৰহক ৰতন তালুকদাৰ সোধ পোছৰ বাবে আটক কৰি জেৰা চলোৱা হৈছে ll

স্হানীয় যুবকৰ আৰ টি আই আবেদনৰ পিছতে পোহৰলৈ আহিছিল ভয়াৱহ দুৰ্নীতি ll

আনহাতে দুৰ্নীতি ফাদিল হোৱাৰ পিছত ঘটনা গাপ দিবলৈ হাছেন আলি য়ে লুন্ঠন কৰা হিতাধিকাৰীৰ চোতালত নিজা উদ্যোগত পুনৰ ঘৰ বান্ধি দিৱলৈ শিল বালি ৰদ পেলাইছিল ll

এতিয়া ৰঙা ঘৰৰ আলহী পঞ্চায়তৰ এই চাৰিজন লোক ll

উল্লেখযোগ্য যে RTI কৰা যুবক সকলক তথ্য দিয়াৰ নামত 85 হাজাৰ টকা খৰছ পৰিৱ বুলি লিখিত জাননি দিছিল যাতে টকা দিৱ নোৱাৰি RTI ৰ তথ্য নিবিচাৰে তেনে ভাবিছিল l

কিন্তু যুবক সকলে 85 হাজাৰ টকা দিৱ মান্তি হোৱাত পৰিৱৰ্তী সময়ত RTI ৰ তথ্য ৰ বাবে 4500 টকা দিলেই হব বুলি আন এখন লিখিত পত্ৰ দিছিল ll

উল্লেখযোগ্য যে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু স্থানীয় বিধায়ক ফনিধৰ তালুকদাৰে পূৰ্বেই দোষী সকল ৰ বিৰুদ্ধে তদন্ত কৰাৰ আহ্বান জনাইছিল ll

উল্লেখযোগ্য যে সভাপতি হাছান আলিৰ নেতৃত্বত প্ৰায় 70/80 লাখো টকা লুন্ঠন কৰা বুলি অভিযোগ উত্থাপন কৰিছে ll

 

Exit mobile version