Delimitation of constituency সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে আমগুৰিত ক্ষোভৰ জুই

1500x900 196252 152864 protest 1

Delimitation of constituency: সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে আমগুৰিত ক্ষোভৰ জুই

১০৩ নম্বৰ আমগুৰি বিধানসভা সমষ্টি অসমৰ ভিতৰতে এটা সম্ভ্রান্ত সমষ্টি। প্রাক্তন মুখ্যমন্ত্রী বিমলা প্ৰসাদ চলিহাৰ পৰা বিষ্ণুৰাম মেধি, খগেন বৰুৱাকে ধৰি প্ৰাক্তন পৰিবহণ মন্ত্ৰী অঞ্জন দত্ত আৰু প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ জ্যেষ্ঠ বিধায়ক প্রদীপ হাজৰিকাৰ গৃহ সমষ্টি।

http://সমষ্টি পুনৰ গঠনৰ জৰিয়তে সমষ্টিটো বিলুপ্তকৰণৰ প্ৰস্তাৱ দিয়াত ইয়াৰ বিৰুদ্ধে ক্ষোভৰ উদ্‌গীৰণ হৈছে।

কালি প্ৰকাশিত খচৰাত সমষ্টি বিলুপ্তকৰণৰ তালিকা দেখি আমগুৰিবাসী মর্মাহত হয়। আমগুৰিৰ বিভিন্ন অৰাজনৈতিক দল-সংগঠন আমগুৰি নগৰৰ চাৰিআলিলৈ ওলাই আছে;।

কিন্তু পুৱাৰে পৰা নগৰখনত প্ৰশাসনে আগতীয়াকৈ আৰক্ষী আৰু চিআৰপিএফ মোতায়েন কৰে। প্ৰতিবাদী দল-সংগঠনক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে আগুৰি ধৰা সত্ত্বেও চাৰিআলিৰ সোঁমাজত তেওঁলোকে আমগুৰি সমষ্টিৰ বিলুপ্তকৰণ মানি লোৱা নহ’ব বুলি ধৰ্ণা আৰু শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে। প্রতিবাদথলীত কৃষক মুক্তি, ছাত্র মুক্তি সংগ্রাম সমিতি, তাই আহোম যুৱ পৰিষদ (দিলীপ পন্থী), আটাছু, লাচিত সেনা, অসমীয়া যুৱ মঞ্চ, স্বেচ্ছাসেৱী সংগঠন পোহৰ, আম আদমি পার্টিকে ধৰি বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া উপস্থিত আছিল।

উল্লেখ্য যে আমগুৰি/আমগুৰি সমষ্টিটো সম্পূৰ্ণৰূপে খিলঞ্জীয়াৰ বসতি প্রধান এটা সমষ্টি আৰু ২০০১ৰ ভোটাৰ তালিকা মতে থাওৰা সমষ্টিতকৈ আমগুৰি সমষ্টিৰ ভোটাৰৰ সংখ্যা বেছি। তৎসত্ত্বেও কি যুক্তিত থলগিৰি লোকৰ অধ্যুষিত এই সমষ্টিটো বিলুপ্তকৰণৰ প্ৰক্ৰিয়া হাতত লোৱা হ’ল সেইটো ৰহস্যজনক।

আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই সমষ্টি বিলুপ্ত নহয় বুলি মুখ্যমন্ত্ৰীৰ ভৰসাত নিৰ্ভৰ কৰাৰ পাছত লগতে উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা গোচৰটো নিষ্পত্তি নোহোৱাকৈ চৰকাৰে ততাতৈয়াকৈ খচৰা প্ৰকাশ কৰাৰ লগে লগে সকলো স্তম্ভিত হয়।

আমগুৰি সমষ্টি সমন্বয়ৰক্ষী সমিতিৰ হৈ আজি বিপুল বৰকটকীয়ে জিলা উপায়ুক্তৰ যোগেদি নির্বাচন আয়োগলৈ এই সিদ্ধান্তৰ প্ৰতিবাদত এক স্মাৰকপত্ৰ প্ৰদান কৰে।

 

Exit mobile version