Nagaon firing incident: সোমবাৰে নিশা প্ৰায় ন বজাত নগাঁও
ADVERTISEMENT
Uচহৰৰ সোণাইঘাটত অচিনাক্ত দুৰ্বৃত্তই গুলী চালনা কৰাত এজন ঔষধ ব্যৱসায়ী গুলিবিদ্ধ হয়।
দুৰ্বৃত্তৰ গুলীচালনাত গুলিবিদ্ধ হৈ গুৰুতৰ ভাৱে আহত হোৱা লোকজনৰ নাম হাফিজুৰ ৰহমান ।
হাফিজুৰ ৰহমান নগাঁও সোনাই ঘাট প্ৰধানমন্ত্ৰী জন ঔষধী কেন্দ্ৰৰ সমন্বয়ক।সোনাই ঘাট প্ৰধানমন্ত্ৰী জন ঔষধী কেন্দ্ৰৰ সন্মুখতে নগাঁও -ধিং গড়কাপ্তানি পথত অচিনাক্ত দুৰ্বৃত্তই সংঘটিত কৰে এই গুলিচালনাৰ ঘটনা।
পিঠিত গুলিবিদ্ধ হোৱা হাফিজুৰক ততাতয়াকৈ নগাঁও ডিউকেয়াৰ হস্পিতালত ভৰ্তি কৰা হয়।
ইতিমধ্যে ঘটনাস্থলীত নগাঁৱৰ উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ইপিনে,এই গুলী চালনাৰ ঘটনাই চহৰ খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।